ETV Bharat / state

ছয় কিলোমিটাৰ দৌৰাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্তক

author img

By

Published : May 27, 2022, 8:34 AM IST

Updated : May 27, 2022, 9:22 AM IST

বটদ্ৰৱা আৰক্ষী থানা আক্ৰমণ আৰু অগ্নিসংযোগ(Batadrava Police Station Arson)ৰ ঘটনাৰ অন্যতম পৰিকল্পনাকাৰী আল্লাউদ্দিনক গ্ৰেপ্তাৰ ৷ দৰং জিলাৰ বেচিমাৰী আৰু দৈপামৰ মাজৰ সংখ্যালঘূ অধ্যুষিত এলেকাৰ গ্ৰেপ্তাৰ আল্লাউদ্দিন ৷ আল্লাউদ্দিনৰ বিৰুদ্ধে বটদ্ৰৱা থানাত আছিল ড্ৰাগছ সৰবৰাহ আৰু ডকাইতিৰ একাধিক গোচৰ ৷

Police arrested main accused in Batadrava case
বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্ত

দৰং, 27 মে’ : বটদ্ৰৱা আৰক্ষী থানা আক্ৰমণ আৰু অগ্নিসংযোগৰ ঘটনাৰ অন্যতম পৰিকল্পনাকাৰী আল্লাউদ্দিনক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়(Police arrested main accused in Batadrava case) ৷ দৰং জিলাৰ বেচিমাৰী আৰু দৈপামৰ মাজৰ সংখ্যালঘূ অধ্যুষিত এলেকাৰ পৰা বৃহস্পতিবাৰে নিশা দৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আল্লাউদ্দিনক ৷

নগাঁৱৰ পৰা পলাই গৈ দৰঙৰ মৌচিদাত আত্মগোপন কৰি আছিল আল্লাউদ্দিনে ৷ বটদ্ৰৱা কাণ্ডৰ অন্যতম মূল অভিযুক্ত আল্লাউদ্দিনে আত্মগোপন কৰি থকা তথ্য লাভ কৰি বৃহস্পতিবাৰে বিয়লি ৪ বজাৰ পৰা আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছিল ৷ ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰা আৰু নগাঁও আৰক্ষীৰ সহযোগত চলা এই অভিযানৰ উমান পায় মৌচিদাৰ পৰা পলায়ন কৰিছিল দুৰ্ধৰ্ষ অভিযুক্তজনে ৷

আৰক্ষীয়েও পিছা লয় আল্লাউদ্দিনৰ ৷ প্ৰায় ছয় কিলোমিটাৰ আৰক্ষীক দৌৰাই নিশা আল্লাউদিনক অভিযানকাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আল্লাউদ্দিনৰ বিৰুদ্ধে বটদ্ৰৱা থানাত আছিল ড্ৰাগছ সৰবৰাহ আৰু ডকাইতিৰ একাধিক গোচৰ ৷

বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্ত

আল্লাউদ্দিনক গ্ৰেপ্তাৰ হোৱা এলেকাৰ পৰা নিশাই আৰক্ষীয়ে ধূলা থানালৈ আনে ৷ দৰং আৰক্ষীয়ে নীতি নিয়মৰ মাজেৰে বটদ্ৰৱা কাণ্ডৰ অন্যতম মাষ্টাৰমাইণ্ড আল্লাউদ্দিনক নগাঁও আৰক্ষীক গতাই দিব বুলি জানিব পৰা গৈছে(Batadraba police station fire incident) ৷

লগতে পঢ়ক : Tense Situation at Batadrava: উত্তেজিত লোকে জ্বলাই দিলে বটদ্ৰৱা আৰক্ষী থানা

Last Updated : May 27, 2022, 9:22 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.