দৰং,9 অক্টোবৰ: দৰঙীয়াসকলৰ বাবে এক সুখবৰ ৷ স্থানীয় বিধায়ক গুৰুজ্যোতি দাসৰ তত্বাৱধানত মঙলদৈৰ চেৰেং চাপৰিত নিৰ্মাণ হৈছে এক বনভোজস্থলী ৷ শুকুৰবাৰে ব্ৰহ্মপুত্ৰৰ বুকুত নিৰ্মিত এই বনভোজস্থলী ৰাইজৰ বাবে মুকলি কৰি দিয়ে বিধায়ক গৰাকীয়ে ৷
উক্ত কাৰ্যসূচীত উপস্থিত থাকে বিধায়ক গুৰুজ্যোতি দাসসসহ মঙলদৈ নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ,বিজেপিৰ যুৱ নেতা প্ৰণৱ কুমাৰ বৰুৱা,প্ৰাক্তন পৌৰপতি জীৱন শীল আৰু বহু বিশিষ্ট ব্যক্তি ৷
লগতে পঢ়ক: বৰমাত প্ৰয়াত ড° দেৱধৰ শৰ্মাৰ সোঁৱৰণত গ্ৰন্থ উন্মোচন