দৰং, 9 জুন: পুনৰ এম্বুলেন্সৰ সলনি ঠেলাত চিকিৎসালয়লৈ নিবলগীয়া হ'ল ৰোগী ৷ এই ঘটনা সংঘটিত হৈছে দৰঙৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘোৰাশালৰ পৰা জনসেৱালৈ যোৱা পথত ৷ প্ৰত্যেক বাৰিষাতে পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে যমৰ যান্ত্ৰনা ভুগিব লগীয়া হৈছে স্থানীয় ৰাইজে ৷ একাঠু পৰ্যন্ত বোকা সৃষ্টি হোৱাৰ ফলত গাড়ী মটৰৰ যাতায়ত সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে পথটোত ৷ তেনেস্থলত এম্বুলেন্স প্ৰবেশ কৰিব নোৱাৰা পথটোত শেষ ভৰষা ৰূপে ঠেলাৰেই প্ৰায় ডেৰ কিঃমিঃ পথ পৰিয়ালৰ লোকে চিকিৎসালয়লৈ নিব লগীয়া হ'ল মহেশ্বৰী দেৱী নামৰ ৰুগীয়া মহিলা গৰাকীক ৷ পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ প্ৰতি ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই কোনে গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ জনপ্ৰতিনিধি গৰাকীক ৰাইজে পথটো মেৰামতিৰ বাবে বহু বাৰ আবেদন নিবেদন কৰি আহিছে যদিও এই পৰ্যন্ত কোনো সুফল পোৱা নাই অঞ্চলবাসীয়ে ৷ স্থানীয় বিধায়ক গৰাকী নিৰ্বাচনৰ সময়ৰ বাহিৰে বাকী সময়ত অঞ্চলটোত এবাৰো দেখিবলৈ পোৱা নাই বুলি অভিযোগ তুলিছে অঞ্চলবাসীয়ে ৷ ৰাজ্যৰ পৰিৱৰ্তনকামী চৰকাৰে গ্ৰাম্যঞ্চলৰ উন্নতিৰ ক্ষেত্ৰত কোনো পদক্ষেপ নোলোৱাৰ ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷
বিধ্বস্ত পথঃ এম্বুলেঞ্চ নহয় ঠেলাত যায় ৰোগী - ৰোগী
জনপ্ৰতিনিধি গৰাকীক ৰাইজে পথটো মেৰামতিৰ বাবে বহু বাৰ আবেদন নিবেদন কৰি আহিছে যদিও এই পৰ্যন্ত কোনো সুফল পোৱা নাই অঞ্চলবাসীয়ে ৷
দৰং, 9 জুন: পুনৰ এম্বুলেন্সৰ সলনি ঠেলাত চিকিৎসালয়লৈ নিবলগীয়া হ'ল ৰোগী ৷ এই ঘটনা সংঘটিত হৈছে দৰঙৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘোৰাশালৰ পৰা জনসেৱালৈ যোৱা পথত ৷ প্ৰত্যেক বাৰিষাতে পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে যমৰ যান্ত্ৰনা ভুগিব লগীয়া হৈছে স্থানীয় ৰাইজে ৷ একাঠু পৰ্যন্ত বোকা সৃষ্টি হোৱাৰ ফলত গাড়ী মটৰৰ যাতায়ত সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে পথটোত ৷ তেনেস্থলত এম্বুলেন্স প্ৰবেশ কৰিব নোৱাৰা পথটোত শেষ ভৰষা ৰূপে ঠেলাৰেই প্ৰায় ডেৰ কিঃমিঃ পথ পৰিয়ালৰ লোকে চিকিৎসালয়লৈ নিব লগীয়া হ'ল মহেশ্বৰী দেৱী নামৰ ৰুগীয়া মহিলা গৰাকীক ৷ পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ প্ৰতি ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই কোনে গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ জনপ্ৰতিনিধি গৰাকীক ৰাইজে পথটো মেৰামতিৰ বাবে বহু বাৰ আবেদন নিবেদন কৰি আহিছে যদিও এই পৰ্যন্ত কোনো সুফল পোৱা নাই অঞ্চলবাসীয়ে ৷ স্থানীয় বিধায়ক গৰাকী নিৰ্বাচনৰ সময়ৰ বাহিৰে বাকী সময়ত অঞ্চলটোত এবাৰো দেখিবলৈ পোৱা নাই বুলি অভিযোগ তুলিছে অঞ্চলবাসীয়ে ৷ ৰাজ্যৰ পৰিৱৰ্তনকামী চৰকাৰে গ্ৰাম্যঞ্চলৰ উন্নতিৰ ক্ষেত্ৰত কোনো পদক্ষেপ নোলোৱাৰ ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷
as_drg_9june_thelat rogi_as10006
✍পৰিৱৰ্তনশীল চৰকাৰৰ ৰাজ্যত ৰাইজৰ দুৰ্ভোগ ৷কদৰ্য পথৰ বাবে এম্বুলেন্স যাব নোৱাৰাত ৰোগীক চিকিৎসালয়লৈ নিব লগীয়া হল ঠেলাত ৷এই দৃশ্য দৰঙৰ ছিপাঝাৰ বিধান সভা সমস্টিৰ অন্তৰ্গত ঘোৰাশালৰ পৰা জনসেৱালৈ যোৱা পথৰ ৷বাৰিষা পথটোৰ কদৰ্য ৰূপে যমৰ যান্ত্ৰনা ভোগাইছে স্হানীয় ৰাইজক ৷ পথটোত একাঠু বোকা সৃস্টি হোৱাৰ ফলত গাড়ী মটৰৰ যাতায়ত সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে ৷সেয়ে এম্বুলেন্স প্ৰবেশ কৰিব নোৱাৰা পথটোত শেষ ভৰষা ঠেলাৰেই প্ৰায় ডেৰ কিঃমিঃ পথ মহেশ্বৰী দেৱী নামৰ ৰুগীয়া মহিলা গৰাকীক চিকিৎসালয়লৈ নিব লগীয়া হল পৰিয়ালৰ লোকে ৷ কিন্তু লক্ষনীয় যে এই পথটোৰ ওপৰত এই পৰ্যন্ত চকু পৰা নাই ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া ৰ ৷জনপ্ৰতিনিধি গৰাকীক ৰাইজে পথটোমেৰামতিৰ বাবে বহুবাৰ আবেদন নিবেদন কৰি আহিছে যদিও এইপৰ্যন্ত সুফল পোৱা নাই ,আনকি বিধায়ক গৰাকীক সেই ঠাইত নিৰ্বাচনৰ সময়ৰ বাহিৰে বাকী সময়ত এবাৰো দেখিবলৈ পোৱা নাই বুলি ৰাইজে অভিযোগ তুলিছে ৷পৰিৱৰ্তনকামী চৰকাৰৰ ৰাজ্যৰ গ্ৰাম্যঞ্চলৰ উন্নতিৰ এয়াই প্ৰকৃত ছবি ৷
Footage ftp ত
Debabrat goswami