ETV Bharat / state

পথৰুঘাটে ৰিঙিয়াই ....!!

author img

By

Published : Jan 26, 2020, 12:56 AM IST

Updated : Jan 26, 2020, 12:36 PM IST

"পথৰুঘাটৰ ৰণ" তেনে এক ইতিহাস ৷ কৃষকৰ শোনিতেৰে ৰঞ্জিত ঐতিহাসিক ৰনথলী হৈছে দৰং জিলাৰ পথৰুঘাট ৷ ১৮৯৪ চনৰ ২৮ জানুৱাৰী...দূৰ-দূৰণিৰ গাঁৱলীয়া কৃষক ৰাইজে খাজনা বৃদ্ধিৰ প্রতিবাদত দৰং জিলাৰ ছিপাঝাৰ অঞ্চলৰ পথৰুঘাট নামৰ ঠাইখনত মিলিত হয় ৷ পৰৱৰ্তী সময়ত হিন্দু-মুছলমান কৃষকসকলে একলগ হৈ ৰাইজমেল পাতি খেতিয়কৰ নাঙলে প্রতি লগোৱা অন্যায়ৰ খাজনা কেতিয়াও ব্রিটিছক নিদিয়ে বুলি সিদ্ধান্ত লয় ৷

চিৰদিন প্ৰচাৰ বিমুখ হৈ ৰ'ব নিকি পথৰুঘাট ?

দৰং, 25 জানুৱাৰীঃ বুৰঞ্জীয়ে ঢুকি পোৱাৰে পৰা যিসমূহ মানৱ সভ্যতা ধ্বংসকাৰী যুদ্ধ-মহাযুদ্ধ সংঘটিত হৈছে, সেইসমূহৰ একমাত্ৰ কাৰণ সুখ-ভোগৰ লালসা ৷ এই লালসা পূৰণৰ বাবে ক্ষমতাশালী মানুহে শান্তিপ্রিয় ক্ষমতাহীন শ্রেণীৰ ওপৰত শোষণ আৰম্ভ কৰে ৷ যেতিয়াই শোষিত শ্রেণী অতিষ্ঠ হৈ ইয়াৰ প্রতিবাদ কৰিবলৈ লয় তেতিয়াই সৃষ্টি হয় সংঘাতৰ ৷ কোনো কোনো সময়ত এনে সংঘাতেই ৰূপ লয় মহাসমৰৰ .. আৰু কেতিয়াবা এই সংঘর্ষই এটা জাতিৰ গৌৰৱোজ্জ্বল ইতিহাস ৰচে

"পথৰুঘাটৰ ৰণ" তেনে এক ইতিহাস ৷ কৃষকৰ শোনিতেৰে ৰঞ্জিত ঐতিহাসিক ৰণথলী হৈছে দৰং জিলাৰ পথৰুঘাট ৷ ১৮৯৪ চনৰ ২৮ জানুৱাৰী...দূৰ-দূৰণিৰ গাঁৱলীয়া কৃষক ৰাইজে খাজনা বৃদ্ধিৰ প্রতিবাদত দৰং জিলাৰ ছিপাঝাৰ অঞ্চলৰ পথৰুঘাট নামৰ ঠাইখনত মিলিত হয় ৷ পৰৱৰ্তী সময়ত হিন্দু-মুছলমান কৃষকসকলে একলগ হৈ ৰাইজমেল পাতি খেতিয়কৰ নাঙলে প্রতি লগোৱা অন্যায়ৰ খাজনা ব্রিটিছক কেতিয়াও নিদিয়ে বুলি সিদ্ধান্ত লয় ৷ ইয়াৰোপৰি ৰাইজে জিলাধিপতি এণ্ডাৰশ্যন আৰু মহকুমাধিপতি বেৰিংটনৰ ওচৰত খাজনা বৃদ্ধিৰ প্রতিবাদ জনাই ৷ বেৰিংটনৰ নির্দেশত পুলিচ বাহিনীয়ে জনতাক ছত্রভংগ দিয়াবলৈ লাঠীচালনা কৰে ৷ ৰাইজৰ মাজত উত্তেজনা বৃদ্ধি পোৱাত ব্রিটিছৰ অনুচৰ পুলিচ বাহিনীয়ে জনতাৰ ওপৰত গুলীবর্ষণ কৰে ৷ ৰাইজেও উত্তেজনাৰ বশৱর্তী হৈ বন্দুকৰ গুলীৰ প্রত্যুত্তৰ দিয়ে পথাৰৰ দলিচপৰা, কুঁহিয়াৰ, খৰি আদিৰে ৷ কিন্তু পুলিচৰ গুলীত ১৪০ জন কৃষকে প্রাণ দিয়াৰ লগতে চিৰদিনলৈ পংগু হয় বহুজন ৷

ব্ৰিটিছৰ শোষণ-বঞ্চনাৰ প্ৰতিবাদ কৰিবলৈ গৈ পথৰুঘাটতত সেইদিনা ১৪০জন নিৰীহ কৃষক ছহিদ হয় ৷ কিন্তু পথৰুঘাটৰ কৃষক ৰণ হিচাপে চিহ্নিত এই ঐতিহাসিক পথৰুঘাট আজিও অৱহেলিত। চৰম ত্যাগ আৰু আত্মবলিদানৰ তেজে ধোৱা ইতিহাসক পাহৰিলে স্বাধীন ভাৰতৰ চৰকাৰে ৷ ফলত উপেক্ষিত হৈ ৰ'ল পথৰুঘাট ৷

পাঞ্জাবৰ জালিয়ানৱাগৰ হত্যাকাণ্ড আৰু চিপাহী বিদ্ৰোহতকৈ কোনোধৰণে কম নাছিল পথৰুঘাটৰ ৰণ, কিন্তু চৰকাৰৰ টোকা বহিত নাম খোদিত নহ'ল পথৰুঘাটৰ ৰণৰ ,যাৰ বাবে আজিও চিৎকাৰ কৰি উঠে ছহিদৰ আত্মীয়ই ৷ স্বাধীনোত্তৰ কালৰে পৰা ঐতিহাসিক পথৰুঘাটৰ ৰণক উপযুক্ত স্বীকৃতি দিয়াত কৃপনালি কৰি আহিছে প্ৰতিখন চৰকাৰে ৷ প্ৰতিবছৰে ২৮ জানুৱাৰী আহিলে মনত পৰে ৰজা ঘৰৰ ৷ মাত্ৰ ২৮ জানুৱাৰী দিনতোত এগছ চাকি জ্বলাই দায়িত্ব সামৰে চৰকাৰে ৷

ৰজা ঘৰৰ অৱহেলাত চিৰদিন প্ৰচাৰ বিমুখ হৈ ৰ'ব নিকি পথৰুঘাট ? নে নৱ প্ৰজন্মৰ বাবে পাহৰণি হয় যাব পথৰুঘাট......

Intro:পথৰুঘাটে ৰিঙিয়াই,কৃষকৰ শোনিতেৰে ৰঞ্জিত ঐতিহাসিক ৰনথলী ৷ইতিহাস সমৃদ্ধ ৰনথলী এতিয়া অবহেলিত৷ বঞ্চিত অসমৰ পথৰুঘাটBody:পথৰুঘাটে ৰিঙিয়াই,কৃষকৰ শোনিতেৰে ৰঞ্জিত ঐতিহাসিক ৰনথলী ৷ইতিহাস সমৃদ্ধ ৰনথলী এতিয়া অবহেলিত৷ বঞ্চিত অসমৰ পথৰুঘাট

ব্ৰিটিছৰ শোষণ-বঞ্চনাৰ প্ৰতিবাদ কৰিবলৈ গৈ ১৮৯৪ চনৰ ২৮ জানুৱাৰী তদৰং জিলাৰ পথৰুঘাটতত হিন্দু _মুছলমানতে ধৰি ১৪০জন নিৰীহ কৃষক ছহিদ হৈছিল। কৃষিভূমিত খাজনা বৃদ্ধিৰ জৰিয়তে দৰঙীয়া কৃষকক মাধমাৰ দিবলৈ যোৱাৰ বাবেই প্ৰতিবাদ কৰিবলৈ লওঁতেই ব্ৰিটিছৰ ভেৰোণীয়া সেনাই কৃষকসকলক হত্যা কৰিছিল। পথৰুঘাটৰ কৃষক ৰণ হিচাপে চিহ্নিত এই ঐতিহাসিক পথৰুঘাট আজিও অৱহেলিত।চৰম ত্যাগ আৰু আত্মবলিদানৰ এই তেজে ধোৱা ইতিহাসক পাহৰিলে স্বাধীন ভাৰতৰ চৰকাৰে আজিও উপেক্ষিত হৈয়েই থাকিল পথৰুঘাট
বাইট,ছহীদ নাতী
V o_পাঞ্জাবৰ জালিৱানাগৰ হত্যাকান্দ আৰু চিপাহী বিদ্ৰোহতকৈ অধিক গুৰুত্ব পূৰ্ন আছিল এই পথৰুঘাটৰ ৰন, কিন্ত চৰকাৰৰ টোকা বহিত নাম খুধিত নহল পথৰুঘাটৰ ৰন,যাৰ বাবে আজিও চিৎকাৰ কৰি উঠে ছহীদ সকলৰ অাত্মই৷স্বাধীনোত্তৰ কালৰ পৰা ঐতিহাসিক ৰন পথৰুঘাটৰ উপযুক্ত স্বীকৃতি দিয়াত কৃপনানী কৰি আহিছে প্ৰতিখন চৰকাৰে৷প্ৰতিবছৰে ২৮ জানুৱাৰী আহিলে মনত পৰে ৰজা ঘৰৰ ৷মাত্ৰ ২৮ জানুৱাৰী দিনতোত এগছকি চাকি জ্বলাই ছহীদ সকল শ্ৰদ্ধা জনাই চৰকাৰে,ছহীদৰ কেচা তেজৰ মুল্য নিদিয়াৰ অভিযোগ তুলি ক্ষোভ উজাৰিলে ছহীদৰ পৰিয়ালে
বাইট _ছহীদ নাতী
পঞ্জাৱৰ জালিৱনাৱাগৰ হত্যা আৰু চিপাহী বিদ্ৰোহে বিশ্ব দৰবাৰত প্ৰচাৰ তথা প্ৰসাৰ লাভ কৰাৰ বিপৰিতে ঐতিহাসিক পথৰুঘাট ৰন থলিক গুৰুত্ব নিদিয়়াৰ অভিযোগ শাসকীয় চৰকাৰ খনলৈ,ৰজা ঘৰৰ অবহেলাত চিৰদিন প্ৰচাৰ বিমুখ হৈ ৰব নিকি পথৰুঘাট, নৱ পজন্মৰ বাবে পাহৰনি হয় যাব নেকি এনেকৈ,Conclusion:Debabrat goswami,Darrang
Last Updated : Jan 26, 2020, 12:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.