ETV Bharat / state

চৰকাৰী আঁচনিৰ ধনৰ 10% কমিচন গ্ৰহণ পঞ্চায়তৰ সভানেত্ৰীৰ - বৰঝাৰ গাঁও পঞ্চায়ত

বৰঝাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী সবিতা দাসৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ দৰং জিলাৰ বৰঝাৰ প্ৰাথমিক বিদ্যালয়ৰ নিৰ্মানত কেলেংকাৰী ৷ বিদ্যালয়খনত নিৰ্মাণ কৰা চৌহদৰ সীমা গাঠণিৰ বাবে অনুদিত ২.৫০ লাখ টকাৰ পৰা ২০ হাজাৰ টকা কমিচনৰ নামত কৰ্তন কৰে পঞ্চায়তৰ সভাপতি সবিতা দাসৰ স্বামী অনুজ দাসে ৷

Panchayat Corruption at Darrang
চৰকাৰী আঁচনিৰ ধনৰ 10% কমিচন গ্ৰহণ পঞ্চায়তৰ সভানেত্ৰীৰ
author img

By

Published : Mar 9, 2020, 7:58 AM IST

Updated : Mar 9, 2020, 9:27 AM IST

দৰং,9 মাৰ্চঃ দলগাঁও সমষ্টিৰ বৰঝাৰ গাওঁ পঞ্চায়তত নিৰ্মাণ কাৰ্য চলোৱা প্ৰতিখন স্থানীয় কমিটিয়ে ১৪ ফাইনেঞ্চৰ অধীনত চলি থকা সকলো কামৰ বাবে দিব লাগে 10% ৷ বৰঝাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী সবিতা দাসৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ শেহতীয়াকৈ পোহৰলৈ আহিছে দৰং জিলাৰ বৰঝাৰ প্ৰাথমিক বিদ্যালয়ৰ নিৰ্মানত সংঘটিত হোৱা কেলেংকাৰীৰ ঘটনা ৷ বিদ্যালয়খনত নিৰ্মাণ কৰা চৌহদৰ সীমা গাঠণিৰ বাবে অনুদিত ২.৫০ লাখ টকাৰ পৰা ২০ হাজাৰ টকা কমিচনৰ নামত কৰ্তন কৰে পঞ্চায়তৰ সভাপতি সবিতা দাসৰ স্বামী অনুজ দাসে ৷

উল্লেখ্য যে, জিলাখনৰ সংশ্লিষ্ট কতৃপক্ষৰ বিষয়া কৰ্মচাৰী তথা নীতি-নিয়মক ভেঙুচালী কৰি পঞ্চায়তলৈ অহা সকলো কামৰ বিনিময়ত আৱন্টিত ধনৰাশিৰ ১০% অংশ গ্ৰহণ কৰে অনুজ দাসে ৷ অঞ্চলবাসীৰ অভিযোগ, পঞ্চায়ত সচিব ঘনশ্যাম বৈশ্য আৰু বেছিমাৰী ব্লকৰ কাৰ্য্যকৰী অভিযন্তা মঃ অনচাৰিৰ সহযোগত পুৰ্বৰে পৰা চলাই অহা হৈছে এই সমূহ দুৰ্নীতি । যাৰ বাবে এতিয়া পঞ্চায়তৰ সভানেত্ৰী আৰু তেখেতৰ স্বামীয়ে চলাই অহা দীৰ্ঘদিনীয়া দূৰ্ণীতিত অতিষ্ঠ হৈ পৰিছে অঞ্চলবাসী ৷ সয়েহে এই ক্ষেত্ৰত উচিত তদন্তৰে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

Last Updated : Mar 9, 2020, 9:27 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.