ETV Bharat / state

Assam Sahitya Sabha: ভাষাৰ ক্ষেত্ৰত আপোচ কৰা নহ'ব; ডঃ উপেন্দ্ৰজিৎ শৰ্মাৰ হুংকাৰ

মঙলদৈস্থিত আঞ্চলিক কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় অসম সাহিত্য সভাৰ এখনি সাংগঠনিক সভা । সভাত শেহতীয়াভাৱে ৰাজ্য চৰকাৰে বিদ্যালয়সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যমত গণিত আৰু বিজ্ঞান বিষয়ত শিক্ষা ব্যৱস্থা কৰিবলৈ গ্ৰহণ কৰা সিদ্ধান্তৰ ওপৰত বিশেষভাৱে চৰ্চা কৰাৰ লগতে আন বহু বিষয়ৰ ওপৰত ব্যক্তব্য আগবঢ়াই বিশিষ্ট ব্য়ক্তিসকলে ।

Organisational meet of Assam Sahitya Sabha at Mangaldoi
মঙলদৈত অসম সাহিত্য সভাৰ সাংগঠনিক সভা
author img

By

Published : Jun 25, 2023, 10:22 PM IST

মঙলদৈ, ২৫ জুন: শেহতীয়াভাৱে ৰাজ্য চৰকাৰে বিদ্যালয়সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যমত গণিত আৰু বিজ্ঞান বিষয়ত শিক্ষা ব্যৱস্থা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । সেই লৈ সমগ্ৰ ৰাজ্যতে যি বিতৰ্ক চলি আছে সেইক্ষেত্ৰত অসম সাহিত্য সভাই পুনৰবাৰ স্থিতি স্পষ্ট কৰিছে । দেওবাৰে মঙলদৈস্থিত আঞ্চলিক কাৰ্যালয়ত অসম সাহিত্য সভাৰ এখনি সাংগঠনিক সভাত অংশগ্ৰহণ কৰি সভাৰ প্ৰধান সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মাই কয় যে, ভাষাৰ ক্ষেত্ৰত আপোচ কৰা নহ'ব ।

তেওঁ কয়, ভাষা এটা জীয়াই থাকে ভাষাটো কোৱা আৰু চৰ্চা কৰাৰ ওপৰত । সেয়েহে আমি প্ৰতিজন অসমীয়াই ভাষা জীয়াই ৰখাৰ কাৰণে কাম কৰিব লাগিব । অসম সাহিত্য সভাই চাৰি ভাষা নীতি মানি আহিছে । ৰাজ্য খনৰ সকলো জাতি-জনগোষ্ঠীৰ নিজা ভাষা কৃষ্টি সুৰক্ষিত কৰি আমি আগুৱাই যাব বিছাৰিছো । সেয়া হৈছে মাতৃ ভাষা, ৰাজ্য ভাষা, ইংৰাজী আৰু হিন্দীত শিক্ষা গ্ৰহণ কৰিলে আপত্তি কৰিব লগীয়া নাই বুলি কয় ড৹ উপেন্দ্ৰজিৎ শৰ্মাই ।

তেওঁ কয় অসম সাহিত্য সভাই মাতৃ ভাষাক মাতৃজ্ঞান কৰি আহিছে । আমাৰ পিতৃ-মাতৃসকলে সন্তানক ঘৰতে মাতৃ ভাষাটো শুদ্ধকৈ ক'ব আৰু লিখিব পৰাকৈ শিকাব লাগিব বুলিও তেওঁ উল্লেখ কৰে । অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষাটো অন্তৰ্ভুক্ত কৰিছিল যদিও আমাৰেই অসমীয়া অভিভাৱকে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দি সেয়া বাতিল কৰিলে । সেয়া চৰকাৰে বা কোনো সাহিত্য সভাই কৰা নাই ।

গতিকে আমি অসমীয়া সকল সচেতন হ'ব লাগিব বুলিও তেওঁ উল্লেখ কৰে । আনহাতে, শেহতীয়াভাৱে দেশৰ নিৰ্বাচন আয়োগে কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত লোৱা পদক্ষেপকো অসম সাহিত্য সভাই আদৰণি জনায় । সম্পাদক ড৹ শৰ্মাই কয়, ‘‘এই খচৰাৰ জৰিয়তে ৰাজ্যখনৰসকলো জাতি-জনগোষ্ঠীৰ অস্তিত্ব সুৰক্ষিত হ'ব ।’’ এতিয়া আৰু বহিৰাগত লোকে ইচ্ছা কৰিলেই বাহিৰৰ পৰা আহিয়েই পূৰ্বৰ দৰে নিৰ্বাচন খেলিব নোৱাৰিব বুলিও তেওঁ কয় ।

অসম সাহিত্য সভাৰ উপ সভাপতি ড৹ শিশিৰ সন্দিকৈয়ে সভাপতিত্ব কৰা সভাখনত দৰং, ওদালগুৰি আৰু শোণিতপুৰ জিলাৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে । সভাত মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক সৎৰাম ডেকাই সভাৰ আজীৱন সদস্য সকলকো মূল অধিৱেশনলৈ পত্ৰযোগে আমন্ত্ৰণ জনাব লাগে বুলি কয় । অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গৌতমানন্দ গোস্বামীয়ে আঁত ধৰা সভাখনত অসম সাহিত্য সভাৰ ৰামধেনু সমিতিৰ আহ্বায়ক অজিত প্ৰসাদ শৰ্মা, দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথকে আদি কৰে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায় । পিচত সাহিত্য সভাৰ নেতৃবৃন্দই এক সংবাদমেল সম্বোধন কৰি সাহিত্য সভাৰ বিষয় সমূহ স্পষ্ট কৰে ।

লগতে পঢ়ক: Loktantra Senani: অসমৰ লোকতন্ত্ৰৰ সেনানীলৈ মাহিলী 15 হাজাৰ টকালৈ পেঞ্চন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.