দৰং, 21 জুলাইঃ এখন দলঙৰ অভাৱত আজিৰ শতিকাতো সাঁতুৰি নৈ পাৰ কৰিছে ওডালগুৰি জিলাৰ অন্তৰ্গত ইকৰাবাৰী আৰু হাজেৰাগাঁৱৰ ৰাইজে ৷ প্ৰায়ে মডেল BTCৰ উন্নয়ন ফুটনি মাৰি থকা হাগ্ৰামা মহিলাৰিৰো এই দৃশ্য দেখিলে চকু কঁপালত উঠিব ৷ কাৰণ নৈৰ ওপৰেৰে যাতায়ত কৰিবলৈ দলং বা সাঁকোৰ ব্যৱস্থা নথকাৰ ফলত সাঁতোৰি নৈ পাৰ কৰিছে স্থানীয় লোকে ৷
ওদালগুৰি জিলাৰ ৭০ নং মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ইকৰাবাৰী আৰু হাজেৰাগাঁৱৰ মাজেৰে বৈ যোৱা ককালভাঙী নদীত এনেদৰেই বিপদসংকুলভাৱে যাতায়ত অব্যাহত ৰাখিছে কেবাখনো গাঁৱৰ ৰাইজ।
গাঁও কেইখনৰ ৰাইজে প্ৰতি বছৰে নিজৰ গাঁঠিৰ ধন ভাঙি নদীৰ ওপৰত সাঁকো নিৰ্মাণ কৰে যদিও নদীৰ বাঢ়নী পানীয়ে সাঁকো উটোৱাই লৈ যায়। অনুৰূপ ধৰণে এইবাৰো নদীখনৰ বাঢ়নী পানীয়ে যাতায়াতৰ একমাত্ৰ সাঁকোখন ছিন্ন-বিচ্ছিন্ন কৰি পেলাই।
হাগ্ৰামাৰ মহিলাৰীৰ ১৭ বছৰীয়া কাৰ্যকালত বিটিচিত বহু উন্নয়ন হৈছে বুলি ঢাক-ঢোল বজাই আছে যদিও প্ৰকৃততে কিমান উন্নয়ন হৈছে এনেবোৰ দৃশ্যই প্ৰমাণ কৰে। অন্যহাতে মাজবাট বিধানসভা সমষ্টিৰ বিপিএফ দলৰ বিধায়ক চৰন বড়োক উক্ত ঠাইত যাতায়াতৰ সুবিধাৰ্থে এখন কাঠৰ দলং নিৰ্মাণ কৰি দিবলৈ স্থানীয় ৰাইজে কাকূতি-মিনতি কৰাৰ পিছত বিধায়ক গৰাকীয়েও দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল, যদিও আজিকোপতি সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাই বুলি ৰাইজে অভিযোগ কৰিছে ।