ETV Bharat / state

দৰঙৰ ৰাজ পৰিয়ালে পালন নকৰে নৱমী পূজা

author img

By

Published : Oct 25, 2020, 6:14 PM IST

ৰজাদিনীয়া এখন দুৰ্গা পূজা ৷ দৰঙৰ ৰাজ পৰিয়ালে আড়ম্বৰপূৰ্ণভাৱে পালন কৰি অহা এই ৰজাদিনীয়া পূজাখন এইবেলি পালন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিয়ালটোৱে ৷

Navami puja is not to be celebrated by royal family darrang assam etv bharat news
দৰঙৰ ৰাজ পৰিয়ালৰ পূজা

দৰং,25 অক্টোবৰ: দৰঙৰ ৰাজ পৰিয়ালত কোঁচ ৰজাৰ শাসনকালৰে পৰা অনুষ্ঠিত হৈ আহিছে দুৰ্গা পূজা ৷ ৰজাদিনীয়া এই পূজাখন এইবেলি অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ পৰিয়ালটোৱে ৷ এইবেলি মা কামাখ্যা দেৱালয়ত অনুষ্ঠিত হ’ব দুৰ্গা পূজাৰ নৱমী বিহিত পূজা ৷ দেৱালয়খনত নৱমী পূজা অনুষ্ঠিত হ’লে পৰিয়ালটোৱে অনুষ্ঠিত কৰিব নোৱাৰে এই পূজা ৷ কিয়নো, পূৰ্বৰ পৰা কোনো কাৰণত শাপমুক্ত হৈ আছে এই ৰাজ পৰিয়াল ৷ সেয়ে একেদিনাই কামাখ্যাৰ সমান্তৰালকৈ নৱমী পূজা অনুষ্ঠিত কৰিব নোৱাৰে ৰাজ পৰিয়ালটোৱে ৷

দৰঙৰ ৰাজ পৰিয়ালৰ পূজা

দৰঙৰ এই ৰাজ হাউলীত কোঁচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ৰ দিনতে স্থাপন কৰা দৌৰাংগ ৰাজ্যত পৰম্পৰাগতভাৱে পালন কৰি অহা হৈছে এই দুৰ্গা পূজা ৷ উল্লেখ্য যে, দৌৰাংগ ৰাজ্যৰ ৰজাসকলে এই অঞ্চলৰ কৃষ্টি-সংস্কৃতি, ধৰ্মীয় পৰম্পৰা, ৰীতি-নীতি আদিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বিকাশত বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ আজিও ইয়াৰ ধাৰাবাহিকতা অখুন্ন ৰাখি ৰাজ পৰিয়ালৰ উত্তৰসুৰী সকলে অনুষ্ঠিত কৰি আহিছে শাৰদীয় দুর্গা পূজা ৷

লগতে চাওকঃ ঐতিয্যমণ্ডিত নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়ত নৱমী পূজা আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.