ETV Bharat / state

দৰঙত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন - ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

শুকুৰবাৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে মঙলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত কৰা হ'ল "সংবাদ পৰিবেশন ,তাৎপৰ্য অনুধাৱন-এক যাত্ৰা" শীৰ্ষক বক্তৃতানুষ্ঠান ৷ জিলাখনৰ তিনিজন সাংবাদিকক উক্ত অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় ৷

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে দৰঙত বক্তৃতানুষ্ঠান
author img

By

Published : Nov 16, 2019, 4:05 AM IST

Updated : Nov 16, 2019, 5:08 AM IST

দৰং , 15 নৱেম্বৰঃ "সমাজত কমি আহিছে বাতৰি কাকত পঢ়া মানুহৰ সংখ্যা ৷ হ্ৰাস পাই আহিছে কিতাপ-আলোচনীৰ পঢ়ুৱৈৰ সংখ্যাও ৷ এক কথাত মানুহে ছপা আখৰ পঢ়াৰ অভ্যাস কমাই দিয়াৰ বাবে ক্ষতিগ্ৰস্ত হৈছে অসমীয়া ভাষা "৷ শুকুৰবাৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে মঙলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত "সংবাদ পৰিৱেশন ,তাৎপৰ্য অনুধাৱন-এক যাত্ৰা" শীৰ্ষক বক্তৃতানুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ভাষণ প্ৰসঙ্গত এইদৰে মন্তব্য কৰে নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতাই ৷

আনহাতে প্ৰেছ ক্লাবৰ সভাপতি আব্দুল খালেকৰ সঞ্চালনাত অনুষ্ঠিত বক্তৃতানুষ্ঠান উদ্বোধন কৰি মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে সাংবাদিকে পৰিবেশন কৰা কিছুমান বাতৰিয়ে ৰাজনীতিকক সজাগ কৰি তোলে বুলি মন্তব্য কৰে । জ্যেষ্ঠ সাংবাদিক মন্টু শইকীয়া , জিলা তথ্য আৰু জনসংযোগ বিষয়া মণিমালা গগৈ, ৰাজেন্দ্ৰ নাথ হাজৰিকা আদি উপস্থিত থকা সভাখনত জিলাখনৰ তিনি গৰাকী সাংবাদিকক সম্বৰ্ধনা জনোৱা হয় । প্ৰেছ ক্লাবৰ সম্পাদক মুকুট ৰাজ শৰ্মাই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত "সাপ্তাহিক মংগল" বাতৰি কাকতৰ সম্পাদক প্ৰশান্ত বৰুৱা , দৈনিক জনমভূমি কাকতৰ মঙলদৈৰ সংবাদদাতা আছাদ আলী আৰু নিউজ লাইভৰ কেমেৰামেন তথা দক্ষ ফটো সাংবাদিক প্ৰাঞ্জল মহন্তক উষ্ম সম্বৰ্ধনা জনোৱা হয় । উক্ত সভাতেই ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই মঙলদৈ প্ৰেছ ক্লাবলৈ এটি কম্পিউটাৰ ছেট আগবঢ়ায়।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে দৰঙত বক্তৃতানুষ্ঠান

লগতে পঢ়কঃলাওখোৱা, বুঢ়াচাপৰি বেদখলমুক্ত কৰি সংস্থাপন কৰা হ’ব গঁড় : পৰিমল শুক্লবৈদ্য

Intro:সাম্প্ৰতিক সময়ত বাতৰি কাকত পঢ়া মানুহৰ সংখ্যা বহুখিনি কমিছে ।Body:: কেৱল বাতৰি কাকতেই নহয় , কিতাপ আলোচনী পঢ়া লোকৰ সংখ্যাও কমিবলৈ ধৰিছে । এক কথাত মানুহে ক'লা আখৰ পঢ়া কমাই দিয়াত অসমীয়া ভাষাটোৰেই ক্ষতি হোৱাৰ আশংকাই দেখা দিছে । ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে আজি মঙলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত "সংবাদ পৰিবেশন ,তাৎপৰ্য অনুধাৱন----এক যাত্ৰা " শীৰ্ষক বক্তৃতানুষ্ঠাত নিৰ্দিষ্ট বক্তা হিচাবে ভাষণ প্ৰসঙ্গত এইদৰে মন্তব্য কৰে নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতাই । আনহাতে প্ৰেছ ক্লাবৰ সভাপতি আব্দুল খালেকৰ সঞ্চালনাত অনুষ্ঠিত বক্তৃতানুষ্ঠান উদ্বোধন কৰি মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে সাংবাদিকে পৰিবেশন কৰা কিছুমান বাতৰিয়ে ৰাজনীতিকক সজাগ কৰি তোলে বুলি মন্তব্য কৰে । জ্যেষ্ঠ সাংবাদিক মন্টু শইকীয়া , জিলা তথ্য আৰু জনসংযোগ বিষয়া মনিমালা গগৈ, ৰাজেন্দ্ৰ নাথ হাজৰিকা আদি উপস্থিত থকা সভাখনত
জিলা খনৰ তিনি গৰাকী সাংবাদিকক সম্বৰ্ধনা জনোৱা হয় । প্ৰেছ ক্লাবৰ সম্পাদক মুকুট ৰাজ শৰ্মাই আত ধৰা সম্বৰ্ধনা অনুষ্ঠানত সাপ্তাহিক মঙ্গল বাতৰি কাকতৰ সম্পাদক প্ৰশান্ত বৰুৱা , 'দৈনিক জনমভূমি' কাকতৰ মঙলদৈৰ সংবাদদাতা আছাদ আলী আৰু নিউজ লাইফৰ কেমেৰামেন তথা দক্ষ ফটো সাংবাদিক প্ৰাঞ্জল মহন্তক উষ্ম সম্বৰ্ধনা জনোৱা হয় ।উক্ত সভাতেই ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই মঙলদৈ প্ৰেছ ক্লাবলৈ এটি কম্পিউটাৰ ছেট আগবঢ়ায় । Conclusion:Debabrat goswami
Last Updated : Nov 16, 2019, 5:08 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.