ETV Bharat / state

মঙলদৈত পুনৰ বন্ধ হোৱাৰ দিশে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ

author img

By

Published : Jun 29, 2022, 9:54 PM IST

লোকনিৰ্মাণ বিভাগৰ অদূৰদৰ্শীতাৰ বাবেই পুনৰ বন্ধ হোৱাৰ দিশে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 15 Towards the closure in Mangaldai) । মঙলদৈত যি কোনো মুহুৰ্তত বন্ধ হোৱাৰ দিশে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ । মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী আছু, যুৱছাত্ৰ পৰিষদ, মঙলদৈ নাগৰিক মঞ্চ আদি দল সংগঠনৰ ।

National Highway 15 Towards the closure in Mangaldai
মঙলদৈত পুনৰ বন্ধ হোৱাৰ দিশে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ

দৰং, 29 জুন: পুনৰ বন্ধ হোৱাৰ দিশে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 15 Towards the closure in Mangaldai) । মঙলদৈত লোকনিৰ্মাণ বিভাগৰ অদূৰদৰ্শিতাৰ বাবেই যি কোনো মুহুৰ্তত বন্ধ হোৱাৰ সম্ভাৱনা ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ । খৰালিৰ ভাগত শুই থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীয়ে মঙলদৈ চহৰৰ মাজমজিয়াত এই ভৰ বাৰিষা ১০ নং ৱাৰ্ডৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত কালভাৰ্ট নিৰ্মাণৰ কাম আৰম্ভ কৰিছে ৷

ৰাষ্ট্ৰীয় ঘাইপথটোৰ এটা অংশ দ’ গাঁত কৰি আনটি অংশৰে যাতায়ত চলাই থকাৰ ফলত যানজঁটকে ধৰি ৰাইজৰ বহু অসুবিধাৰ সৃষ্টি হৈছে । ফলত দুই তিনি দিন বৰষুণ দি থাকিলে ৰাষ্ট্ৰীয় ঘাইপথটি সম্পূৰ্ণ বন্ধ হৈ পৰাৰ সম্ভাৱনা আছে । বিগত 16 জুনৰৰ পৰা প্ৰায় পোন্ধৰ দিন ধৰি প্ৰলয়ংকাৰী বানৰ বাবে মঙলদৈত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ থকাৰ পিছত শেহতীয়াকৈ লোকনিৰ্মাণ বিভাগৰ ভুলৰ বাবেই পুনৰ বন্ধ হোৱাৰ দিশে আগবাঢ়িছে ৰাষ্ট্ৰীয় ঘাইপথটি (Allegation against Public Works Department) ।

লেহেমীয়া গতিত কালভাৰ্টৰ নিৰ্মাণ চলি থকাৰ বাবে প্ৰতি দিনে চহৰ খনত যানজঁট সৃষ্টি হোৱাৰ উপৰিও বহু দূৰ্ঘটনাত সংঘটিত হৈছে । ইফালে, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ মুখ্য ৰাষ্ট্ৰীয় ঘাইপথটো চুবুৰীয়া অৰুণাচল, ভূটানৰ লগতে লক্ষীমপুৰ, ধেমাজি, শোণিতপুৰ, ওদালগুৰি জিলাৰ যাতায়ত একমাত্ৰ প্ৰধান পথ । পথটো সামৰিক দিশৰ ফালৰ পৰাও বহু গুৰুত্বপূৰ্ণ ৷ কিয়নো তেজপুৰত অৱস্থিত সেনাবাহিনীৰ যাতায়তৰ একমাত্ৰ প্ৰধান পথ ৷

এনে এটা গুৰুত্বপূৰ্ণ পথক লৈ ৰঙিয়াস্থ লোকনিৰ্মাণ বিভাগৰ (Public Works Department) ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীকৰণয়ে ল'ৰা ধেমালি কৰাত দৰঙী ৰাইজ ক্ষোভিত হৈ পৰিছে । সেয়ে বিভাগটোৰ ৰঙিয়াস্থ কাৰ্যবাহী অভিযন্তা আৰু নিৰ্মাণৰত কোম্পানীটোৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবি কৰিছে আছু, যুৱ ছাত্ৰ পৰিষদ, মঙলদৈ নাগৰিক মঞ্চ আদি দল-সংগঠনে ।

মঙলদৈ নাগৰিক মঞ্চৰ সভাপতি হৰেণ বনিয়াই বিষয়টোৰ ওপৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবি কৰিছে । আনহাতে, আছুৰ কেন্দ্ৰীয় বৃত্তীয় সম্পাদক খনিন্দ্ৰ ৰাজবংশী, জিলা সমিতিৰ সভাপতি পৰাগ চহৰীয়া, সম্পাদক সত্যৰঞ্জন ডেকাই গড়কাপ্তানী বিভাগৰ এনে সিদ্ধান্তক তীব্ৰ ভাষাৰে প্ৰতিবাদ কৰে ৷

আনহাতে দৰং জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই বুধবাৰে বিভাগীয় কাৰ্যবাহী অভিযন্তা আৰু নিৰ্মানৰত জি এম কোম্পানীক কঠোৰ সকিয়নী দি কম সময়ৰ ভিতৰত কামটো সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক: গুৱাহাটীত মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ অৱসান: কোনে আদায় দিলে হোটেলৰ বিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.