ETV Bharat / state

কংগ্ৰেছৰ প্ৰতাৰণা দিৱসৰ বিৰুদ্ধে সৰৱ সাংসদ দিলীপ শইকীয়া - মঙলদৈ

কংগ্ৰেছেৰ দিনত মধ্যাহ্ন ভোজনৰ ধন হৰলুকি কৰিছিল । যোৱা চাৰি বছৰত সৰ্বানন্দ চৰকাৰৰ দিনত কংগ্ৰেছে দিয়া চাৰি লাখ ভুৱা জব কাৰ্ড জব্দ কৰে। কংগ্ৰেছৰ দিনতেই ইন্দিৰা আবাস যোজনাৰ নামত সংঘটিত হৈছিল ব্যাপক কেলেংকাৰী হোৱা বুলি সংসাবাদ মেলত তীব্ৰ কটাক্ষ কৰে সাংসদ দিলীপ শইকীয়াই ৷

MP Dilip Kumar Saikia Press Meet At Mangaldai
কংগ্ৰেছৰ প্ৰতাৰণা দিৱসৰ বিৰুদ্ধে সৰৱ সাংসদ দিলীপ শইকীয়া
author img

By

Published : Aug 3, 2020, 6:59 PM IST

দৰং, 3 আগষ্টঃ কংগ্ৰেছৰ প্ৰতাৰণা দিৱসকৰ বিৰুদ্ধে মঙলদৈত সাংসদ দিলীপ শইকীয়াৰ সংবাদমেল । সংবাদমেলত সাংসদ গৰাকীয়ে কংগ্ৰেছৰ বিৰুদ্ধে বহু কেইটা বিষয়ৰ ওপৰত সাংবাদিকৰ আগত মন্তব্য কৰে ৷

কংগ্ৰেছৰ প্ৰতাৰণা দিৱসৰ বিৰুদ্ধে সৰৱ সাংসদ দিলীপ শইকীয়া

সাংসদ দিলীপ শইকীয়াই কয় যে, কংগ্ৰেছ প্ৰতাৰক দল, তেওঁলোকে প্ৰতাৰণা দিৱস পালন কৰাৰ কোনো নৈতিক অধিকাৰ নাই । ৰাখী পূৰ্ণিমা দিৱসৰ দিনটোত বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছে ৰাজ্যজুৰি পালন কৰা প্ৰতাৰণা দিৱস পালন কৰাৰ অধিকাৰ নাই ৷ ৰাইজৰ হিতৰ হকে কাম কৰা উদ্দেশ্যেৰে যি কংগ্ৰেছৰ চৰকাৰ আহিবলৈ সক্ষম হৈছিল কিন্তু তাৰ ওলোটা ছবি পৰিলক্ষিত হৈছে । কংগ্ৰেছে আনকি মধ্যাহ্ন ভোজনৰ ধন হৰলুকি কৰিছিল । যোৱা চাৰি বছৰত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত কংগ্ৰেছে দিয়া চাৰি লাখ ভুৱা জব কাৰ্ড জব্দ কৰে । ইয়াৰ বিপৰীতে কংগ্ৰেছৰ দিনত ইন্দিৰা আবাস যোজনাৰ নামত সংঘটিত কেলেংকাৰীৰ বিপৰীতে সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনত প্ৰধানমন্ত্ৰী আৱাস যোজনা প্ৰায় তিনি লাখ লোকে লাভ কৰিব সক্ষম হৈছে । প্ৰতিখন গাওঁৰ কৃষকৰ মাজত টেক্টৰ প্ৰদান কৰা হৈছে ।

আজি সকলো ক্ষেত্ৰতে সৰ্ব্বানন্দ সোণোৱালৰ চৰকাৰে অসমীয়া ৰাইজক দিয়া প্ৰতিশ্ৰুতি যি জাতি, মাতি আৰু ভেঁটিৰ কোৱা হৈছিল তাক দিঠকত পৰিণত কৰিবলৈ সক্ষম হৈছে । গতিকে আজি কংগ্ৰেছৰ প্ৰতাৰণা দিৱস অসমবাসীৰ বাবে এক কুটিল ৰাজনীতি । সকলো দিশতে সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনত উন্নয়ন সম্ভৱ হৈছে । কংগ্ৰেছৰ দিনত যি অসম চুক্তি স্বাক্ষৰ হৈছিল সেই চুক্তি কংগ্ৰেছে নিজ ভৰিৰে মোহাৰি বাংলাদেশীক ৰঙা দলিচা পাৰি অসমৰ মাটিত স্থান দিলে সেই কংগ্ৰেছে আজি প্ৰতাৰণা দিৱস অনুষ্ঠিত কৰিছে ।

সাংসদ দিলীপ শইকীয়াই কয় যে, ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকালতে বানপানীৰ সমস্যাৰ লগতে বিভিন্ন উন্নয়ন সম্ভৱ হৈছে । ব্ৰহ্মপুত্ৰ নদী বুকুত পাঁচ খন কৈ দলং, ৰোপ এৱে, অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ সমূহ, আজি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন ভাৰত চৰকাৰে নৰ্থ-ইষ্ট গেছ আঁচনি ৰূপায়ণ কৰি অসমৰ ৰাইজক ঘৰে গেছ পোৱাৰ ব্যবস্থা কৰিছে। ইয়াৰ বিপৰীতে শিক্ষা ক্ষেত্ৰ হওঁক স্বাস্থ্য ক্ষেত্ৰত হওঁক অসমৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ সদায় দায়বদ্ধ। দৰং জিলা কংগ্ৰেছে আজি কিমান বুথ কমিটিৰ নেতৃত্বত প্ৰতাৰণা দিৱস অনুষ্ঠিত কৰিছে তাক সাহস আছে যদি ৰাজহুৱা কৰিব লাগে। সংবাদমেলত মঙলদৈৰ সমষ্টিৰ বিধায়ক গুৰু জ্যোতি দাস, ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া, জ্যোতি চিত্ৰবণৰ উপাধক্ষ্য অশোক ভাৰ্গৱ, দৰং জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ উপস্থিত থাকে ।

লগতে পঢ়ক- কৃষক মুক্তিৰ দুই নেতাক গ্ৰেপ্তাৰ ডিব্ৰুগড়ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.