ETV Bharat / state

এজন সাধাৰণ ব্যক্তিৰ মহৎ চিন্তা... - FORESIGHTEDNESS

দৰঙৰ এজন সাধাৰণ ব্যক্তিৰ কৰ্মই দেখুৱাই গ'ল আদৰ্শ ৷ নিৰক্ষৰ এই লোকজনৰ কৰ্মই সকলোকে আজি ভবাই তুলিছে

এজন সাধাৰণ ব্যক্তিৰ মহৎ চিন্তা...
author img

By

Published : Jun 21, 2019, 10:25 PM IST

পেচা যিয়েই নহওক কিয়,উচ্চ শিক্ষাৰে শিক্ষিত নহ'লেও পৃথিৱীত এনে বহুলোক আছে যিয়ে সমাজৰ বাবে আদৰ্শ দেখুৱাই গৈছে ৷ দৰঙৰ এজন সাধাৰণ ব্যক্তিৰ দূৰদৰ্শী কাৰ্যকলাপে সকলোকে ভৱাই তুলিছে এবাৰলৈ হ'লেও ৷ দৰঙৰ এজন থেলাচালক দেৱেন বনিয়া শৰ্মাৰ বৃহস্পতিবাৰে সন্ধিযা মৃত্যু হয় ৷ তেখেতৰ মৃত্যুৰ পিচতে যি ঘটনা পোহৰলৈ আহিল সেয়া এতিয়া সকলোৰে আদৰ্শস্বৰূপ ৷ চাওক আমাৰ এক প্ৰতিবেদন...

Intro:জৰ্দাৰ পেকেট, বিড়িৰ পেকেট, পলিথিন সকলোতে ওলাইছে টকা। Body:। দৰঙৰ এখন গাৱৰ সেই দৃশ্য এয়া। টকা ওলোৱাৰ খবৰ শুনি পুৰুষ মহিলাৰে ভৰি পৰিছে ডাহী বনিয়াপাৰা গাৱৰ এক বিশেষ ব্যক্তিৰ চোতাল। ডাহী বনিয়াপাৰা গাৱৰ দেৱেন বনিয়া শৰ্মা নামৰ ঠেলাচালক জনৰ বৃহস্পতিবাৰে সন্ধিয়া মৃত্যু হৈছিল। দেবেনৰ পত্নী আৰু বিবাহিতা কন্যা এজনী এৰি গৈছে মৃত্যুৰ সময়ত। সামান্য আই এ ওৱাই ঘৰ এটাত থাকি ঠেলা চলাই পৰিয়াল চলোৱা দেবেনৰ নাছিল কোনো বেংক একাউন্ট। কোনো ধৰণৰ নিচা গ্ৰহন নকৰা দেৱেনে দৈনিক উপাৰ্জন কৰা ধনৰ একাংশ বিগত ৩০ বছৰে পত্নী আৰু কন্যাৰ বাবে গোপনে জৰ্দা বা বিড়ি বা বাটত পোৱা পলিথিনত ভৰাই জমা থৈছিল। তেওঁৰ মৃত্যুৰ পাছত পত্নীয়ে আজি সেয়ে ঘৰৰ ওচৰৰ শিক্ষক এজনক মাতি আনি গণনা কৰিব দিয়ে। দেৱেনৰ থকা ঘৰটোৰ পৰা পূৱা বহু মোনা, পলিথিন আদিৰ পৰা খুচৰি খুচৰি উলিয়াই হিচাব কৰিব দিওতেই সমগ্ৰ এলেকাত হৈ চৈ লাগি গল।।Conclusion: ঠেলাচালকৰ দূৰদৰ্শিতা আৰু পৰিয়ালৰ প্ৰতি থকা দায়িত্ব ওলাই পৰিল
দৰঙৰ পৰা দেবব্ৰত গোস্বামী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.