মঙলদৈ, ৬ অক্টোবৰ : আজি মাধ্যম আন্দোলনৰ প্ৰথম শ্বহীদ মোজাম্মিল হকৰ ৫০ সংখ্যক মৃত্যু তিথি (first martyr of Medium movement of Assam) । এই উপলক্ষে মঙলদৈত গৰিয়া মৰীয়া দেশী জাতীয় পৰিষদে পালন কৰে শ্বহীদ মোজাম্মিল হকৰ মৃত্যি তিথি (Medium movement martyr Mojammil Hoque) । উল্লেখ্য, ১৯৭২ চনৰ মাধ্যম আন্দোলনৰ প্ৰথম শ্বহীদ মোজাম্মিল হকৰ মৃত্যু দিনটোক সদৌ অসম গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদে 'মাতৃভাষা দিৱস' হিচাপে পালন কৰি আহিছে (Matrivasa Divas solemnized at Mangaldoi) ৷
উল্লেখযোগ্য যে গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত শিক্ষাৰ মাধ্যম আঞ্চলিক ভষা অসমীয়া কৰিবলৈ যুক্তিসন্মত সিদ্ধান্ত গ্ৰহণ কৰাৰ লগে লগেই আৰম্ভ হৈছিল 1972 চনত মাধ্যম আন্দোলন ৷ ইপিনে অসম বিধানসভাই 1972 চনৰ 23 ছেপ্টেম্বৰত কাছাৰৰ কাৰণে সুকীয়া বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাব গ্ৰহণ কৰাত তাৰ তীব্ৰ বিৰোধিতা কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷
ৰাইজক সজাগ কৰি ছাত্ৰ সন্থাই সমগ্ৰ অসমজুৰি আন্দোলন গঢ়ি তুলিছিল (Mojammil Hoque death anniversary at Mangaldoi)। চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে আৰম্ভ কৰা উক্ত আন্দোলনৰ প্ৰভাৱ মঙলদৈতো পৰিছিল ৷ আন্দোলনৰ কাৰ্যসূচী অনুসৰি 1972 চনৰ 5 অক্টোবৰত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ মোজাম্মিল হকেও আন আন ছাত্ৰ-ছাত্ৰীৰ সৈতে স্বেচ্ছাসেৱকৰ লগত 18 কিলোমিটাৰ নিলগৰ খাৰুপেটীয়ালৈ পিকেটিং কৰিবলৈ গৈছিল ৷
উক্ত পিকেটিং কাৰ্যসূচীতে এচাম দুৰ্বৃত্তই প্ৰহাৰ কৰে মোজাম্মিল হকক ৷ তাৰ পাছতে 6 অক্টোবৰত মোজাম্মিল হকে জীৱন-মৃত্যুৰে যুঁজি সকলোকে কন্দুৱাই অজান দেশলৈ গুচি যায় ৷ তেতিয়াৰে পৰাই মাত্ৰ 15 বছৰ বয়সতে চিৰ চেনেহী মোৰ ভাষা জননীৰ পূজাৰ বেদীত প্ৰাণ আহুতি দিয়া মোজাম্মিল হকক 1972-ৰ মাধ্যম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ হিচাপে ঘোষণা কৰা হয় ৷
লগতে পঢ়ক :তেজস্বীতাৰ মৃত্যুৰ পাছতে মাজুলীৰ বিভিন্ন মহলত প্ৰতিক্ৰিয়া