ETV Bharat / state

দৰঙত খাদ্য সামগ্ৰী বিতৰণ বিধায়ক গুৰুজ্যোতি দাসৰ

author img

By

Published : May 7, 2020, 3:26 PM IST

দৰঙৰ উল্লেখনীয় সুকনানি ওজাপালিত জড়িত শিল্পীসকলক সাহায্য আগবঢ়ায় মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে ৷ লক্​ ডাউনৰ ফলত আৰ্থিক সংকটত পৰিছিল ওজাপালিত জড়িত শিল্পীসকল ৷

MLA distribution food item among cultural activist Darrang etv bharat news
খাদ্য সামগ্ৰী বিতৰণ

দৰং,7 মে’ঃ লক্​ ডাউনৰ বাবে অসুবিধাৰ সন্মুখীন হোৱা দৰঙী কলা-সংস্কৃতিৰ ধ্বজাবাহক সুকনানি ওজাসকলৰ সহায়ৰ উদ্দেশ্যে আগবাঢ়ি আহে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস ৷ ডাঁহি মহাবিদ্যালয় প্ৰাংগণত বুধবাৰে প্ৰায় দুই শতাধিক ওজাপালিৰ সৈতে জড়িত শিল্পীৰ মাজত খাদ্য সামগ্ৰী বিতৰণৰ লগতে মাস্ক প্ৰদান কৰে বিধায়ক দাসে ৷ সামগ্ৰী প্ৰদানৰ লগতে বিধায়কগৰাকীয়ে উপস্থিত জ্য়েষ্ঠলোকৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে ।

খাদ্য সামগ্ৰী বিতৰণ

আনহাতে, সাহায্য গ্ৰহণ কৰি উৎফুল্লিত হৈ পৰে শিল্পীসকল ৷ উক্ত অনুষ্ঠানত বিধায়কগৰাকীয়ে ওজা, শিল্পীসকলৰ সৈতে মত বিনিময় কৰি স্বাস্থ্যৰ খবৰ লোৱাৰ লগতে অভাৱ-অভিযোগৰ বুজ লয় ৷

লগতে চাওকঃ গুৱাহাটীত উপস্থিত বহিঃৰাজ্যত আৱদ্ধ অসমৰ লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.