ETV Bharat / state

Flood in Darrang:দৰঙৰ শাকতোলা নদীৰ মথাউৰি কাটিলে দুৰ্বৃত্তই - Flood in Assam

ৰাজ্য়ত বানে সৃষ্টি কৰা বিভীষিকাময় পৰিস্থিতিৰ আতংক অব্য়াহত । ৰাজ্য়খনৰ আন জিলাৰ লগতে দৰঙতো ৰাইজে অভাৱনীয় পৰিস্থিতিৰ সন্মূখীন হৈছে । ইয়াৰ মাজতে ঠেকেৰাবাৰীৰ ভোকেলীমাৰাত শাকতোলা নদীৰ মথাউৰি কাটিলে দুৰ্বৃত্তই ।

darrang
Flood in Darrang:দৰঙৰ শাকতোলা নদীৰ মঠাউৰি কাটিলে দুৰ্বৃত্তই
author img

By

Published : Jun 24, 2022, 10:11 AM IST

দৰং, ২৪ জুন: ৰাজ্য়জুৰি বানে সৃষ্টি কৰা বিভীষিকাময় পৰিস্থিতিৰ আতংক অব্য়াহত আছে (Flood in Assam)। এনে পৰিস্থিতিৰ মাজতে দৰং জিলাৰ ঠেকেৰাবাৰীৰ ভোকেলীমাৰাত শাকতোলা নদীৰ মথাউৰি কাটিলে দুৰ্বৃত্তই (Miscreants cut off shaktola river in Darrang) ৷

CRPF আৰু Policeৰ কটকটীয়া পহৰাৰ ব্যৱস্থা থকাৰ পিছতো দুৰ্বৃত্তই নিশা প্ৰায় ৩ বজাত কাটি দিয়ে শাকতোলা মথাউৰিটো ৷ অৱশ্য়ে স্থানীয় কছাৰীঝাৰ গাঁৱৰ ৰাইজৰ তৎপৰতাত ৰক্ষা পৰে এই মাথাউৰিটো । উল্লেখ্য় যে বিগত ৯ দিন ধৰি শাকতোলা নদীৰ চিঙা মথাউৰিৰ অংশৰে ওলোৱা পানী মঙলদৈৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰেৰে বাগৰি আছে ।

ইপিনে, অঞ্চলটোৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰা পানীয়ে ৰঙামাটি ঠেকেৰাবাৰী অঞ্চলৰ ১০ খন গাঁও প্লাবিত কৰি বিভীষিকাৰ সৃষ্টি কৰিছে । ফলত উক্ত অঞ্চলটোৰ লোকসকলে মথাউৰিৰ ওপৰত আশ্ৰয় ল'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । পানী ওলাই যোৱা যিটো শ্লুইছ গেট আছে সেই গেটেৰে সামান্য পৰিমাণৰ পানীহে ওলাই যায় । সেয়েহে কোনো দুৰ্বৃত্তই পুৱতি নিশা মথাউৰিটো কাটি দিয়া বুলি ৰাইজে সন্দেহ কৰিছে ।

লগতে পঢ়ক:জৰাজীৰ্ণ পথে জীয়াতু ভোগাইছে ডুমডুমাৰ টিংখাং গাঁৱৰ ৰাইজক

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.