ETV Bharat / state

জি এম চিত নৱজাতকৰ লগতে প্ৰসূতিৰ মৃত্যু - মামনি হাজৰিকা

লক ডাউনৰ মাজতে সংঘটিত হ'ল এক হৃদয়বিদাৰক ঘটনা । আই চি ইউৰ অভাৱত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু নৱজাতক আৰু প্ৰসূতিৰ ।

জি এম চিত নৱজাতকৰ লগতে প্ৰসুতি মাতৃৰ মৃত্যু

author img

By

Published : Apr 27, 2020, 5:32 PM IST

মঙলদৈ, 27 এপ্ৰিলঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আই চি ইউৰ অভাৱত প্ৰাণ গ'ল নৱজাতক সহ প্ৰসূতিৰ । 8 মহীয়া অন্তসত্ত্বা মহিলা এগৰাকীয়ে দেওবাৰে পুৱা ছিজাৰিনৰ জৰিয়তে কন্যা সন্তান এটি জন্ম দিয়াৰ পাচত তেওঁক আৰু নৱজাতকক আই চি ইউত ভৰ্তি কৰোৱাৰ প্ৰয়োজন হৈছিল। কিন্তু সেই সময়ত ডাক্তৰে জি এম চিৰ আই চি ইউ খালী নথকাৰ কথা অৱগত কৰে। পৰিয়ালৰ লোকে ব্য়ক্তিগত হাস্পতালৰ সৈতে যোগাযোগ কৰি থাকোতেই দিনৰ ১২ বজাত মৃত্যু হয় প্ৰসূতি আৰু নৱজাতকটিৰ ।

maternity dead in Guwahati GMCH
সুখৰ দিনত স্বামী আৰু পুত্ৰৰ সৈতে মামনি হাজৰিকা

মৃত্যু হোৱা মহিলা গৰাকী মামনি হাজৰিকা (38) । তেওঁ মঙলদৈ উপহুপাৰাৰ নিবাসী যুৱ ব্যৱসায়ী ৰ'ণাল্ড হাজৰিকাৰ পত্নী ।

শনিবাৰে নিশা প্ৰায় ১১ বজাত হঠাতে গা বেয়া লগাত লগে লগে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকৰ পৰামৰ্শ মৰ্মে নিশা আঢ়ৈ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ।

মামণি হাজৰিকা অধিবক্তা তথা এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত আছিল । মৃত্যুৰ সময়ত তেওঁ স্বামীৰ লগতে এটি চাৰে সাত বছৰীয়া পুত্ৰ সন্তান ইহ সংসাৰত এৰি থৈ যায় । তেওঁৰ মৃত্যুত 'ইউনিটি'- উই আৰ ব্লাড ড'নাৰচৰ উপদেষ্টা শেখৰ মজুমদাৰ, সভাপতি দীপক কুমাৰ ডেকা, সম্পাদক সুব্ৰত শীল, উপহুপাৰা গাওঁ পঞ্চায়ত, চিৰ সেউজী সংঘ আদি বিভিন্ন অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে ৷

লগতে পঢ়কঃ গাহৰিৰ অচিন ৰোগে নিদ্ৰা কাঢ়িছে চৰকাৰৰঃ মন্ত্ৰী অতুল বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.