ETV Bharat / state

চোকাজানী নৈৰ বানে বুৰাইছে দলগাঁও সমষ্টিৰ বিস্তীৰ্ণ অঞ্চল

author img

By

Published : Jun 26, 2020, 10:04 PM IST

দলগাঁৱৰ কোনাকাটাপাৰা, আৰিমাৰি, ধৰনীপুৰ আদিকে ধৰি বহুকেইটা অঞ্চল জলমগ্ন কৰিছে চোকাজানী নৈৰ বানে ৷ ব্যাপক লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে কৃষক তথা স্থানীয় ৰাইজ ৷

massive devastation by sukajani river's flood in dalgaon

দলগাঁও, 26 জুন: বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে চোকাজানী নৈৰ পানী ৷ চোকাজানী নৈৰ পানীয়ে সম্প্ৰতি কালৰূপ ধাৰণ কৰিছে দলগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত কেইবাখনো গাঁৱত ৷ দলগাঁৱৰ কোনাকাটাপাৰা, আৰিমাৰি, ধৰণীপুৰ আদিকে ধৰি বহুকেইটা অঞ্চল জলমগ্ন কৰিছে চোকাজানী নৈৰ বানে ৷

চোকাজানী নৈৰ বানে বিধ্বস্ত কৰিছে দলগাঁও সমষ্টিৰ কেইবাখনো গাঁঁও

ইয়াৰ ফলত স্থানীয় লোকসকলৰ খেতি, ঘৰ আদি বিধ্বস্ত হোৱাৰ লগতে, কোনাকাটাপাৰা-আৰিমাৰী সংযোগী পথ চিগি নিয়াৰ বাবে সম্প্ৰতি, যাতায়াত ব্যাহত হৈ পৰিছে বিস্তীৰ্ণ অঞ্চলৰ লোকৰ মাজত ৷ বানৰ ফলত স্তব্ধ হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ স্বাভাৱিক জীৱন যাত্ৰা ৷ ব্যাপক লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে কৃষক তথা স্থানীয় ৰাইজ ৷

লগতে পঢ়কঃ পানী শুকুৱাৰ পিচতো ধেনুধৰাৰ পথত আবদ্ধ একাংশ লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.