ETV Bharat / state

ছিপাঝাৰৰ এখন বিয়াৰ পৰা কৰ'ণাৰ ভয়ংকৰ গণ সংক্ৰমণ

author img

By

Published : Apr 24, 2021, 3:50 PM IST

ছিপাঝাৰৰ হাজৰিকাপাৰা অঞ্চলত ভয়ংকৰ গণ সংক্ৰমণ হৈছে । একেটা চুবুৰীৰ ১৭ গৰাকীকৈ লোক কৰ'ণাত আক্ৰান্ত । এখন বিয়াৰ পৰাই কৰ'ণা সংক্ৰমণৰ আশংকা ৰাইজৰ ।

ছিপাঝাৰৰ এখন বিয়াৰ পৰা কৰ'ণাৰ ভয়ংকৰ গণ সংক্ৰমণ
ছিপাঝাৰৰ এখন বিয়াৰ পৰা কৰ'ণাৰ ভয়ংকৰ গণ সংক্ৰমণ

দৰং,২৪ এপ্ৰিল: দৰং জিলাৰ ছিপাঝাৰত কৰ'ণাতঙ্ক । হাজৰিকাপাৰা বৰুৱা চুবুৰীত ১৭ গৰাকী লোকৰ দেহত ধৰা পৰে ভাইৰাছৰ অৱস্থিতি । একেটা চুবুৰীতে ইমান গৰাকী লোকৰ দেহত ভাইৰাছৰ অৱস্থিতি ধৰা পৰাত আতংকিত অঞ্চলটোৰ ৰাইজ । এখন বিয়াৰ পৰাই ভাইৰাছৰ সংক্ৰমণ হোৱাৰ আশংকা ৰাইজৰ ।

যোৱা ২ বহাগৰ বিয়াখন অনুষ্ঠিত হোৱা পৰিয়ালটোৰ লগতে চুবুৰীয়া আৰু দূৰৈৰ আত্মীয়ৰ দেহতো ধৰা পৰিছে ভাইৰাছ । হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত । ইফালে তৎপৰ হৈছে স্বাস্থ্য বিভাগ । ছিপাঝাৰ সামুহিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকৰ দলে শনিবাৰেও অঞ্চলটোত ঔষধ বিতৰণ কৰে । স্বাস্থ্য কৰ্মীৰ দলটোৱে জনোৱা মতে অঞ্চলটোত এতিয়াও বহু লোকৰ পৰীক্ষা হোৱা নাই । পৰীক্ষা কৰিলেই ক'ভিড পজিটিভ ধৰা পৰাৰ আশংকাত আছে ৰাইজ ।

ইয়াৰ উপৰিও খাদ্যৰ অভাৱত পৰিছে কৰ'ণাত আক্ৰান্ত হোৱাৰ পিছত গৃহবন্দী হৈ থকা ১৭ টাকৈ পৰিয়াল । জিলা প্ৰশাসন তথা চৰকাৰক খাদ্যৰ যোগান ধৰিবলৈ অনুৰোধ জনাইছে ভুক্তভোগীসকলে ৷

লগতে পঢ়ক:অ’এনজিচিৰ কৰ্মচাৰী অলকেশৰ ঘৰত আনন্দৰ বন্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.