দৰং,২১ মাৰ্চ: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন । নিৰ্বাচনক লৈ এতিয়া প্ৰতিটো ৰাজনৈতিক দলে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । নিৰ্বাচনী প্ৰচাৰ দেখি মঙলদৈ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী বসন্ত দাস আৰু বিজেপিৰ প্ৰাৰ্থী গুৰুজ্যোতি দাসৰ মাজতো মূল প্ৰতিদ্বন্দ্বিতা হ'ব বুলি আশা কৰা হৈছে ।
দুয়োগৰাকী প্ৰাৰ্থীয়ে সমষ্টিটোত প্ৰচাৰৰ অঘোষিত প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা দেখিবলৈ পোৱা গৈছে । পুনৰবাৰ মঙলদৈ সমষ্টি বিজেপিৰ হাতলৈ অনাৰ বাবে দিনে নিশাই প্ৰচাৰ কৰিছে বিজেপি কৰ্মীসকল । সংখ্যালঘূ অঞ্চলতো বিজেপি প্ৰাৰ্থী গৰাকীয়ে ভোটাৰৰ মন জয় কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ।
মঙলদৈ বিজেপি প্ৰাৰ্থী গুৰুজ্যোতি দাসে ডাঁহী অঞ্চলত দেওবাৰে এক বিশাল বাইক ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ চলায় । নিৰ্বাচনী প্ৰচাৰ চলাই বিধায়ক তথা বিজেপিৰ প্ৰাৰ্থী গুৰুজ্যোতি দাসে কয় যে, পুনৰবাৰ মঙলদৈ সমষ্টি বিজেপিৰ দখলত অহাটো নিশ্চিত । গুৰুজ্যোতি দাসৰ নেতৃত্বত এই বাইক ৰেলীত ৫০০ৰো অধিক লোকে অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক: লামডিং কংগ্ৰেছত তীব্ৰ খহনীয়া