দৰং, 13 ছেপ্তেম্বৰ : পাঁচ বছৰৰ মূৰলৈ ঘৰলৈ উভতিব বাংলাদেশৰ কাৰাগাৰত বন্দী অসমৰ এজন যুৱক ৷ 2017 চনৰ ফেব্ৰুৱাৰীতে নিৰুদ্দেশ হৈছিল মঙলদৈৰ মুকুল হাজৰিকা নামৰ যুৱকজন ৷ পৰিয়াল পোহপালৰ হেঁচাতে আঁতৰি আছে বুলি ভাবি এদিন ঘৰৰ ল’ৰা ঘৰলৈ উভতি আহিব বুলি বাট চাই আছিল হোদাপাৰাৰ মুকুলৰ পৰিয়ালে ৷ দীৰ্ঘদিন ধৰি পুত্ৰৰ কোনো সন্ধান লাভ নকৰাত অৱশেষত মঙলদৈ থানাত পুত্ৰ সন্ধানহীন হোৱাৰ এক গোচৰ পঞ্জীয়ন কৰিছিল মুকুলৰ পিতৃ ফুলেশ্বৰ হাজৰিকাই ৷
![mangaldoi youth detained in bangladesh jail to return home](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-drg-01-bangladesh-10006_13092021081022_1309f_1631500822_968.jpg)
পুত্ৰ উভতি আহিব বুলি আশাৰে বাট চাই থকাৰ সময়তে বিগত বৰ্ষত বাংলাদেশৰ উচ্চ আয়ুক্তই গৃহ বিভাগ আৰু দৰং জিলাৰ আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰা এখন পত্ৰত নিৰুদ্দিষ্ট মুকুলৰ সন্ধান লাভ কৰা যায় ৷ হেৰুওৱা পুত্ৰৰ সন্ধান লাভ কৰি মুকুলৰ পৰিয়ালটো কিছু আশ্বস্ত হয় যদিও বাংলাদেশৰ কাৰাগাৰত আৱদ্ধ পুত্ৰক উভতাই অনাৰ কোনো বাট দেখা নাছিল পিতৃ ফুলেশ্বৰ হাজৰিকাই ৷ পুত্ৰক উভতাই অনাৰ সামৰ্থ নথকা পৰিয়ালটোৱে কাৰাগাৰৰ কুঠৰীতে মুকুলৰ জীৱন শেষ হ'ব বুলি বিষাদগ্ৰস্ত হৈ পৰিছিল ৷
অৱশেষত মুকুলৰ পৰিয়ালৰ মুখত হাঁহি বিৰিঙাই দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই বিগত পাঁচ বছৰে বাংলাদেশত আৱদ্ধ হৈ থকা যুৱকজনক অসমলৈ উভতাই অনাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷
2019 চনতে বাংলাদেশৰ কাৰাগাৰত মুকুলৰ বন্দীত্বৰ ম্যাদ উকলি গৈছিল যদিও মুকুলক উভতাই আনিব পৰা নাছিল পৰিয়ালৰ লোকে ৷ বিগত প্ৰায় দুটা বছৰে সম্পন্ন নোহোৱা এই কাম কৰিবলৈ এতিয়া আগবাঢ়ি আহিছে দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা ৷
ইতিমধ্যে আৰক্ষী বিষয়াগৰাকীৰ তৎপৰতাত মুকুলৰ পিতৃ ফুলেশ্বৰ হাজৰিকা আৰু মঙলদৈ সদৰ থানাৰ উপ-পৰিদৰ্শক দান্তেজিৎ দেউৰী ত্ৰিপুৰা হৈ বাংলাদেশ সীমান্তৰ বালিতৰী নিৰীক্ষণ চকীলৈ ৰাওনা হৈছে ৷ তাতেই বাংলাদেশ আৰক্ষীয়ে মুকুলক অসম আৰক্ষীৰ হাতত গতাই দিব বুলি জানিব পৰা গৈছে ৷ অৱশ্যে 2017 চনৰ ফেব্ৰুৱাৰী মাহতে ডাঁহী জনাৰামচৌকালৈ পৰিচিত ৰিক্সাখন ঠেলি লৈ অহা মুকুল হাজৰিকা কেনেকৈ বাংলাদেশ পালেগৈ সেয়া এতিয়াও ৰহস্য ৷
লগতে পঢ়ক : মহানগৰীত আটক 26 গৰাকী সন্দেহযুক্ত ম্যানমাৰৰ নাগৰিক