দৰং, 25 জুন : সমগ্ৰ ৰাজ্যত অসম আৰক্ষী(Assam police)ৰ নিচাযুক্ত দ্ৰব্যৰ অবৈধ বেহাৰ বিৰূদ্ধে তীব্ৰৰ পৰা তীব্ৰতৰ ৰূপত অভিযান অব্যাহত আছে ৷ এনে অপৰাধৰ সৈতে জড়িত সকলৰ বিৰূদ্ধে আৰক্ষীয়ে ঘোষণা কৰা জেহাদৰ পৰিণতি স্বৰূপে ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈ ইজনৰ পিছত সিজন অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী ৷ ৰাজ্যৰ আন প্ৰান্ত সমূহৰ দৰে দৰং জিলাতো নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাৰ সমান্তৰালকৈ এইবাৰ আবকাৰী বিভাগে কৰিবলগীয়া দায়িত্বও পালন কৰি চুলাই মদৰ(illegal liquor) ব্যৱসায়ীৰ বিৰূদ্ধে সক্ৰিয় হৈছে দৰং আৰক্ষী ।
![mangaldai-police-seized-large-ammount-of-illegal-liquor](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-drg-02-illegalwinesulaiseized-10006_25062021144200_2506f_1624612320_1085.jpg)
উল্লেখ্য যে জিলাখনত আবকাৰী বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ একাংশ লোকে জিলাখনৰ অলিয়ে গলিয়ে চলাই আহিছে চুলাই মদৰ ৰমৰমীয়া বেহা ৷ যি চুলাই সেৱন কৰি বহু ব্যক্তিৰ জীৱনলৈ অমানিশা নামি আহিছে সেই চুলাই মদৰ বিক্ৰী তথা সেৱনে জিলাখনত ঋণাত্মক পৰিৱেশৰ সৃষ্টি কৰাত ইয়াৰ বিৰুদ্ধে সষ্টম হৈছে আৰক্ষী ৷ মঙলদৈ সদৰ আৰক্ষীয়ে দৰং জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ তত্বাৱধানত আৰু মঙলদৈ চহৰৰ আৰক্ষী উপপৰিদৰ্শক ডান্টেজিৎ ডেউৰীৰ নেতৃত্বত অভিযান চলাই মঙলদৈৰ বাঘবৰী, কছাৰীগাঁও, প্ৰফুল্ল নগৰ আদি ঠাইত চুলাই মদৰ কেইবাটাও ঘাটি উৎখাত কৰে ৷
শুকুৰবাৰে, মঙলদৈ থানাৰ আৰক্ষীয়ে অভিযান চলাই ধ্বংস কৰে কেইবা হাজাৰ লিটাৰ অবৈধ চুলাই মদ । জানিব পৰা মতে, অবৈধ চুলাই তৈয়াৰ কৰাৰ বাবে ব্যৱহাৰ হোৱা প্ৰায় ১১ হাজাৰ কেজি মেৰা সহ প্ৰায় ৫ হাজাৰ লিটাৰ অবৈধ চুলাইৰ ধ্বংস কৰে আৰক্ষীয়ে ।
ইয়াৰ লগতে, ২২ টাকৈ চুলাইৰ ভাতিও ধ্বংস কৰে আৰক্ষীয়ে । বিগত কিছুদিন ধৰি দৰং জিলা আৰক্ষীয়ে চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই আহিছে । অৱশ্যে, মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে, এইবেলি আবকাৰী বিভাগে(excise department)ও আৰক্ষীক কিছু পৰিমাণে চুলাই মদৰ বিৰুদ্ধে অভিযান চলোৱাত সহায় কৰিছে ৷
লগতে পঢ়ক : কোন হ'ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি ?