দৰং, ১১ মাৰ্চ : ঐতিহাসিক অসম আন্দোলন মঙলদৈৰ পৰাই আৰম্ভ হৈছিল । এইবাৰ অন্যায়ভাৱে বৃদ্ধি কৰা পৌৰ কৰৰ বিৰুদ্ধেও মঙলদৈৰ পৰাই আৰম্ভ হ'ব আন্দোলনৰ (municipality tax hike protest in mangaldai) । এইদৰে কয় মঙলদৈ চহৰৰ জ্যেষ্ঠ নাগৰিক তথা সমাজ সেৱক আনোৱাৰ হুছেইনে । শনিবাৰে মঙলদৈ সনাতন ধৰ্মসভা প্ৰাঙ্গণত বৰ্ধিত পৌৰ কৰৰ বিৰুদ্ধে অনুষ্ঠিত নাগৰিক সভাত বক্তব্য আগবঢ়াই হুছেইনে এনে অস্বাভাৱিক হাৰত বৰ্ধিত কৰ কোনো কাৰণতে দিব নোৱাৰি বুলি কয় (Mangaldai municipality board raises tax) ।
বিশিষ্ট নাগৰিক ভদ্ৰকান্ত শৰ্মাৰ সভাপতিত্বত আৰু অমৰজিৎ শাণ্ডিল্যই আৰম্ভণি কৰা সভাখনত বক্তব্য আগবঢ়াই বয়োজেষ্ঠ নাগৰিক তথা অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া ফুলেন্দ্ৰ নাথ চহৰীয়াই কয় যে চৰকাৰে হঠাতে নাগৰিকৰ ওপৰত জাপি দিব বিচৰা এনে কৰৰ বোজা এক অন্যায় (mangaldai civil society protest against municipality tax hike) । ইয়াৰ ফলত সাধাৰণ নাগৰিকৰ দূৰৈৰে কথা, মধ্যবিত্ত শ্ৰেণীৰো পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে । চৰকাৰে এই বৰ্ধিত কৰ বাতিল কৰিব লাগে । দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ,বিশিষ্ট চিকিৎসক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱে নাগৰিক সভাত বক্তব্য আগবঢ়াই বৰ্ধিত মাচুল এক অন্যায় বুলি কয় ।
"পৌৰ নাগৰিক হিচাবে আমি পৌৰ কৰ দিবলৈ সাজু আৰু পূৰ্বৰে পৰা দি আহিছোঁ । কিন্তু হাজাৰ গুণ বৃদ্ধি কৰাটো সমীচিন হোৱা নাই ।" তেওঁ কয় । প্ৰমোদ চন্দ্ৰ শৰ্মাই আঁত ধৰা সভাখনত অধিবক্তা যুগল শইকীয়া, সদানন্দ ডেকা, চন্দ্ৰ কুমাৰ বৰুৱা, সৈত্যেন বসাক, বিশিষ্ট নাগৰিক শম্ভু দেৱনাথে বক্তব্য আগবঢ়াই বৰ্ধিত পৌৰ কৰৰ বিৰোধিতা কৰে (civil society protest in mangaldai) । পিছত সভাই সৰ্বসন্মতিক্ৰমে বৰ্ধিত কৰ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি এক প্ৰস্তাৱ গ্ৰহণ কৰে ।
ইয়াৰ উপৰ অহা ২০ মাৰ্চত প্ৰতিবাদী সমদল উলিয়াই পৌৰসভাৰ কাৰ্যালয়লৈ গৈ স্মাৰক-পত্ৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে । মঙলদৈ সনাতন ধৰ্মসভাৰ পৰা পুৱা ১১ বজাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে গৈ স্মাৰক-প্ৰত্ৰ প্ৰদান কৰিব । উক্ত সভাত বিশিষ্ট উদ্যোগপতি মুকুল ডেকা, অৱসৰী স্বাস্থ্য বিষয়া ডাঃ জয়কান্ত চহৰীয়া, বীমান বৰুৱা, জনাৰ্দ্দন দাস, কীৰিতি বৰা, শান্তনু কুমাৰ শৰ্মা আদিয়ে বক্তব্য আগবঢ়াই বৰ্ধিত কৰৰ বিৰোধিতা কৰে । মঙলদৈ জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ নাথ হাজৰিকা, মঙলদৈ পৌৰসভাৰ সভাপতি মুকুল ডেকা, জ্যেষ্ঠ সাংবাদিক মদন বৰুৱা, মুকুটৰাজ শৰ্মা, মঙলদৈ প্ৰেছ ক্লাবৰ সম্পাদক লক্ষীনন্দন কলিতা আদি বিশিষ্ট লোকসকলো উপস্থিত থাকে । শনিবাৰৰ সভাত মঙলদৈ নগৰ নাগৰিক মঞ্চ নামেৰে এখনি সমিতি গঠন কৰা হয় ।
সমাজসেৱক ভদ্ৰকান্ত শৰ্মাক সভাপতি, গিৰীশ ডেকাক কাৰ্যকৰী সভাপতি, আনোৱাৰ হুছেইন, প্ৰমোদ শইকীয়া, শচীন্দ্ৰ চহৰীয়া আৰু ৰুমা অধিকাৰী কুমাৰীক উপ-সভাপতি, বিজয় চান্দক সাধাৰণ সম্পাদক, ৰাকেশ বৰুৱা আৰু ৰূপমজিৎ চহৰীয়াক যুটীয়া সম্পাদক, অমৰজিৎ শাণ্ডিল্যক যোগাযোগ সম্পাদক আৰু সুজিত শৰ্মাক কোষাধক্ষ হিচাবে লৈ এখন ৩৭ জনীয়া সমিতি গঠন কৰা হয় । পিছত সভাই সমগ্ৰ বিষয়টোত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ ন্যায় বিচাৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে । এই সভাত দুই সহস্ৰাধিক নাগৰিকে অংশগ্ৰহণ কৰে ।