দৰং, 1 জুন : বুধবাৰে মঙ্গলদৈত অনুষ্ঠিত হৈ যায় অসম সাহিত্য সভাৰ সাহিত্য সূৰ্য লুম্মেৰ দাই সাহিত্য বঁটা-২০২১ প্ৰদান অনুষ্ঠান(Lummer Dai Sahitya Award 2021) ৷ অসম সাহিত্য সভাৰ মঙ্গলদৈ আঞ্চলিকৰ উদ্যোগত দৰং জিলা সাহিত্য সভা আৰু মঙলদৈ প্ৰেছ ক্লাৱৰ সহযোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত প্ৰথিতযশা সাহিত্যিক পদ্মশ্ৰী য়েচে দৰজে ঠংছিক প্ৰদান কৰা হয় এই বৰ্ষৰ লুম্মেৰ দাই সাহিত্য বঁটা(Lummer Dai Sahitya Award to Yeshe Dorjee Thongchi) ।
উল্লেখ্য যে, ২০০৯ চনৰ পৰাই অসম সাহিত্য সভাই দুবছৰৰ মূৰে মূৰে প্ৰদান কৰি আহিছে সাহিত্য সূৰ্য্য লুম্মেৰ দাই বঁটা । ইতিমধ্যে, অসম সাহিত্য সভাই অসমৰ কেইবাগৰাকীও বিশিষ্ট সাহিত্যিকক প্ৰদান কৰা হৈছে এই বঁটা ৷
মঙলদৈৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, দৰং জিলা সাহিত্য সভাৰ বিষয়ববীয়া, মঙলদৈ প্ৰেছ ক্লাৱৰ সদস্যৰ লগতে জিলাখনৰ বহুকেইগৰাকী সাহিত্যিক তথা বিশিষ্ট ব্যক্তি ।
লগতে পঢ়ক : অসমীয়া বিজেপি বাৰ্তাৰ 66 সংখ্যক সংস্কৰণ উন্মোচন