ETV Bharat / state

দৰঙত আত্মসহায়ক গোটক 50 হাজাৰ টকাৰ ঋণ প্ৰদান

শনিবাৰে দৰং জিলাৰ আত্মসহায়ক গোটসমূহক আৰ্থিকভাৱে সৱল কৰাৰ উদ্দেশ্য 50 হাজাৰ টকাৰ ঋণ প্ৰদান কৰা হয় ৷ অসম গ্ৰামীণ বিকাশ বেংকৰ উদ্যোগত, নাবাৰ্ড আৰু মঙলদৈৰ এন ই কাৰ্ডৰ সহযোগত কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ জৰিয়তে প্ৰদান কৰা হয় এই ঋণ ৷

loan provided in darrang
দৰঙত আত্মসহায়ক গোটক ঋণ প্ৰদান
author img

By

Published : Dec 6, 2020, 12:01 PM IST

দৰং,6 ডিচেম্বৰ : অসম গ্ৰামীণ বিকাশ বেংকৰ উদ্যোগত, নাবাৰ্ড আৰু মঙলদৈৰ এন ই কাৰ্ডৰ সহযোগত শনিবাৰে দৰং জিলাৰ আত্মসহায়ক গোটসমূহক আৰ্থিকভাৱে সৱল কৰাৰ উদ্দেশ্য মঙলদৈ নাট্য মন্দিৰত অনুষ্ঠিত হয় এক ঋণ মেলা ৷

ৰাজ্য চৰকাৰৰ কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ জৰিয়তে মহিলা আত্মসহায়ক গোটসমূহক 50 হাজাৰ টকাৰ ঋণ প্ৰদান কৰে নাবাৰ্ড আৰু এন ই কাৰ্ড নামৰ স্বেচ্ছাসেৱী সংগঠন দুটাই ৷ প্ৰথম পৰ্যায়ত দৰঙৰ 213 টা গোটক ঋণ প্ৰদান কৰা হয় আৰু পৰৱৰ্তী সময়ত 1,900 টা গোটক ঋণ প্ৰদান কৰিব বুলি মন্তব্য কৰে নাবাৰ্ডৰ ডিডিএম অভিশেষ বৰাই ৷

loan provided in darrang
দৰঙত আত্মসহায়ক গোটক ঋণ প্ৰদান

ঋণ প্ৰদান অনুষ্ঠানত উপস্থিত থাকে দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰমেন চন্দ্ৰ মালাকাৰ, গ্ৰামীণ বিকাশ বেংকৰ আঞ্চলিক প্ৰবন্ধক বিমান গগৈ, এন ই কাৰ্ডৰ জিলা সভাপতি গৌতমানন্দ গোস্বামী প্ৰমুখ্যে নাবাৰ্ডৰ বহু কেইগৰাকী বিষয়ববীয়া ।

লগতে পঢ়ক : মাইবাঙত দুখন চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.