ETV Bharat / state

দৰং জিলাৰ ধলপুৰ শিৱ মন্দিৰৰ ভূমি বেদখল - দৰঙ জিলাৰ ধলপুৰ শিৱ মন্দিৰৰ ভূমি বেদখল

দৰঙ জিলাৰ ছিপাঝাৰ সমষ্টিৰ ধলপুৰ শিৱ মন্দিৰৰ ভূমি নিশাৰ ভিতৰতে সন্দেহ যুক্ত নাগৰিকে বেদখল কৰিলে । ছিপাঝাৰ সমষ্টিৰ ফুহুৰা তলীৰ ৭৭,৪২০ বিঘা ভূমি সন্দেহ যুক্ত নাগৰিকে বেদখল কৰি থকা পিছত পুনৰ সন্দেহ যুক্ত নাগৰিকে বেদখল কৰিছে দৰঙৰ ধলপুৰ শিৱ মন্দিৰৰ ভূমি ৷ শিৱ মন্দিৰৰ ১২০ বিঘা ভূমি সন্দেহ যুক্ত নাগৰিকে বেদখল কৰাৰ অভিযোগ ।

land encroachment
দৰং জিলাৰ ধলপুৰ শিৱ মন্দিৰৰ ভূমি বেদখল
author img

By

Published : Jun 3, 2021, 11:02 PM IST

দৰং,৩ জুন : ৰাজ্যত সত্ৰ, মন্দিৰ আদিৰ ভূমি বেদখল অব্যাহত আছে । এইবাৰ দৰঙ জিলাৰ ছিপাঝাৰ সমষ্টিৰ ধলপুৰ শিৱ মন্দিৰৰ ভূমি নিশাৰ ভিতৰতে সন্দেহ যুক্ত নাগৰিকে বেদখল কৰিলে । ছিপাঝাৰ সমষ্টিৰ ফুহুৰা তলীৰ ৭৭,৪২০ বিঘা ভূমি সন্দেহ যুক্ত নাগৰিকে বেদখল কৰি থকা পিচত পুনৰ সন্দেহ যুক্ত নাগৰিকে বেদখল কৰিছে দৰঙৰ ধলপুৰ শিৱ মন্দিৰৰ ভূমি ৷

ছিপাঝাৰ সমষ্টিৰ ধলপুৰ শিৱ মন্দিৰৰ ১৮০ বিঘা ভূমি চৰকাৰে আৱন্টন দিছিল ৷ কিন্তু এই ধলপুৰ শিৱ মন্দিৰৰ ১২০ বিঘা ভূমি সন্দেহ যুক্ত নাগৰিকে বেদখল কৰিছে, কিছু মাহ পূৰ্বে দৰঙ জিলা প্ৰশাসনে উচ্ছেদ কৰিছিল যদিও পুনৰ নিশাৰ ভিতৰতে সন্দেহ যুক্ত নাগৰিকে বেদখল কৰে ৷ এই খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা ।

দৰং জিলাৰ ধলপুৰ শিৱ মন্দিৰৰ ভূমি বেদখল

এই ঘটনাৰ পিছতে এতিয়া তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে সমষ্টিটোত । ৰাইজৰ প্ৰশ্ন কিহৰ বাবে প্ৰশাসনৰ চকুৰ সন্মুখতে এনেদৰে চৰকাৰী তথা মন্দিৰৰ ভূমি অচিনাক্ত লোকে বেদখল কৰিলে ? কোনো ৰাজনৈতিক দল বা নেতাৰ ভোটৰ অংকৰ বাবেই সমাধান নোহোৱাকৈ ৰৈ যাব নেকি এই সমস্যা ?

লগতে পঢ়ক:চিকিৎসকৰ অসহযোগ : স্বাস্থ্যমন্ত্ৰীৰ সমষ্টিৰ হাস্পতালত চলিছে বৰভোজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.