দলগাঁও, 20 আগষ্ট: বানৰ পিছত খাৰুপেটীয়াৰ এখন নদীত উঠিছিল মাছৰ উজান । একেখন নদীত মাছৰ সলনি এইবাৰ উঠিল ঔষধৰ উজান । সোমবাৰে দৰঙৰ খাৰুপেটীয়া নিকটৱৰ্তী কালাপানী নৈত মাছমৰীয়া সকলে মাছ ধৰি থকাৰ সময়তে প্ৰত্যক্ষ কৰে পানীত ভাহি অহা ঔষধৰ পেকেট সমূহ । উৎসুক মাছমৰীয়াই পেকেট সমূহ জালেৰে ধৰাৰ পিছত সেয়া ঔষধ বুলি নিশ্চিত হয় মাছমৰীয়া সকল । স্থানীয় মাছমৰীয়া সকলে জানিবলৈ দিয়া মতে, এখন ই-ৰিক্সাৰে আহি নৈ খনৰ ওপৰত থকা দলঙৰ পৰা বিভিন্ন ঔষধৰ পেকেট সমূহ পেলাই দিয়ে ঔষধ কোম্পানীৰ বিক্ৰেতা এজন যুৱকে ৷ নৈৰ পৰা মাছমৰীয়াই উদ্ধাৰ কৰা ঔষধ সমূহ ম্যাদ উকলাৰ বাবেই নদীত পেলাই দিয়া বুলি প্ৰকাশ কৰে তদন্তকাৰী আৰক্ষীৰ দলে ৷
উল্লেখ্য যে, ম্যাদ উকলা ঔষধ সমূহ জ্বলাই বা পুতি থোৱাৰ পৰিৱৰ্তে জন বসতিপূৰ্ণ নদীত পেলাই দিয়া কাৰ্যই জীৱকুললৈ কঢ়িয়াই আনিছে ভাবুকি ৷ ঘটনাস্থলীত উপস্থিত হোৱা খাৰুপেটীয়া আৰক্ষীয়ে পিছত থানালৈ নিয়ে নদীত পেলোৱা ম্যাদ উকলা ঔষধ সমূহ ৷