দলগাঁও ,১৯ জুনঃ খাৰুপেটীয়া নগৰৰ মাজমজিয়াত সংঘটিত হোৱা এক পথ দুৰ্ঘটনা কথমপি ৰক্ষা পৰে আৰক্ষী আৰু পথচাৰী । উল্লেখযোগ্য যে দৰঙৰ ব্যবসায়ীক নগৰ খাৰুপেটীয়াৰ মহাবীৰ ৰোডৰ পৰা এ এচ ০১ই চি ২৭০৫ নম্বৰ ট্ৰাকখনে অত্যাধিক মাকৈ ভৰ্তি কৰি গুৱাহাটীলৈ যোৱাৰ সময়তে খাৰুপেটীয়া পুলিচ পইন্টত বাগৰি পৰে । ফলত পথৰ দাঁতিত থকা কৰ্তব্যৰত গৃহৰক্ষী বাহিনীৰ জোৱান আৰু পথচাৰী কথামপি ৰক্ষা পৰে ৷ কিন্তু ট্ৰাকৰ তলত পৰি চুৰমাৰ হয় এখন মটৰ চাইকেল । ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে চালক হেণ্ডিমেনে ।
পথ নিৰ্মাণৰ বিসংগতিৰ বাবেই পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে খাৰুপেটীয়াৰ সচেতন ৰাইজে ।লগতে পঢ়কঃ চীনা সামগ্ৰী বৰ্জনৰ আহ্বান অসম চেম্বাৰছ অৱ কমাৰ্চৰ