ETV Bharat / state

বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত যতীন বৰা

বিটিচি মুদৈবুড়ি সমষ্টি যতীন বৰা । বিজেপিয়ে বিটিচিত এইবাৰ পৰিবৰ্তন আনিব বুলি আশ্বাস যতীন বৰাৰ । কলাইগাঁও ৩৫নং মুদৈবুড়িত নিৰ্বাচনী সভাত একে লগে দেখা পোৱা গ'ল অভিনেতা যতীন বৰা আৰু কণ্ঠ শিল্পী বিদ্যাসাগৰক ।

author img

By

Published : Dec 2, 2020, 10:57 PM IST

btc election
btc election

দৰং, 2 ডিচেম্বৰ : বিটিচিত এতিয়া ৰাজনৈতিক ৰথী-মহাৰথীৰ উপৰিও শিল্পী, অভিনেতা সকলৰ ব্যাপক প্ৰচাৰ অভিযানে আকৰ্ষণীয় কৰি তুলিছে নিৰ্বাচনী যুঁজ । বিশেষকৈ বিভিন্ন নিৰ্বাচনী সভাত আকৰ্ষণৰ কেন্দ্র বিন্দু হৈ পৰিছে অভিনেতা, শিল্পী সকলৰ প্ৰচাৰ কাৰ্য । কলাইগাওঁ ৩৫ নং মুদৈবুড়িত নিৰ্বাচনী সভাত একে লগে দেখা পোৱা গ'ল অভিনেতা যতীন বৰা আৰু কণ্ঠ শিল্পী বিদ্যাসাগৰক । বিজেপি দলৰ প্ৰাৰ্থী দিগন্ত কুমাৰ বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই যতীন বৰা আৰু বিদ্যাসাগৰে ।

বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত যতীন বৰা

অভিনেতা যতীন বৰাই বিজেপি দলৰ প্ৰচাৰৰ বাবে এটি সংলাপৰ জৰিয়তে ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে । আনহাতে কণ্ঠশিল্পী বিদ্যাসাগৰে এটি সুন্দৰ গীতেৰে ৰাইজৰ মাজত বিজেপি দলৰ হৈ প্ৰচাৰ চলাই ৰাইজক পদুম ফুলৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায় । অভিনেতা যতীন বৰাই এইবাৰ বিজেপি বিকশিত অসমৰ উন্নয়নৰ খনিকৰ হ’ব বুলি মন্তব্য কৰে ।

লগতে পঢ়ক : জাতি-জনগোষ্ঠীক প্ৰাপ্য অধিকাৰ প্ৰদান নকৰিলে হাগ্ৰামাই : প্ৰমোদ বড়ো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.