ETV Bharat / state

দৰঙত শামুকীয়া গতিত চলিছে পকী দলং নিৰ্মাণৰ কাম - আধাৰশিলা স্থাপন

দৰঙত পকী দলঙ নিৰ্মাণত ঠিকাদাৰৰ হেমাহিৰ অভিযোগ ৷ বিগত 2 বছৰে শামুকীয়া গতিত নিৰ্মাণ কাৰ্য চলাই যোৱাৰ অভিযোগ ৰাইজৰ ৷ বিভাগীয় কৰ্তৃপক্ষক অনতিপলমে নিৰ্মাণ কাৰ্য চলাবলৈ ৰাইজৰ দাবী ৷

INCOMPLETE BRIDGE IN DARRANG
দৰঙত শামুকীয়া গতিত চলিছে পকী দলং নিৰ্মাণৰ কাম
author img

By

Published : Aug 31, 2020, 4:41 PM IST

দলগাঁও, 31 আগষ্ট : দৰং জিলাৰ বেছিমাৰীত পকী দলং নিৰ্মাণত অনিয়মৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ বেছিমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত মধুপুৰ-বৰঘুলি সংযোগী পথত থকা মৰা ধনশিৰি নদীৰ ওপৰত পকী দলং নিৰ্মাণৰ কামত ঠিকাদাৰৰ হেমাহিৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

উল্লেখযোগ্য যে, 68 নং দলগাঁও বিধান সভা সমষ্টিৰ কংগ্ৰেছী বিধায়ক ইলিয়াছ আলীয়ে বৃহত্তৰ অঞ্চলৰ ৰাইজৰ দুৰ্দশাৰ কথা চিন্তা কৰি 28/08/2018 চনতে 1000 খন কাঠৰ দলং পকী দলংঙলৈ পৰিবৰ্তন কৰা আঁচনি 2017/18 বৰ্ষৰ অধীনত মধুপুৰ-বৰঘুলি সংযোগী পকী দলং খনৰ আধাৰশিলা স্থাপন কৰিছিল । আধাৰশিলা স্থাপন কৰাৰ পিচত ৰাইজৰ যাতায়তৰ বাবে ঠিকাদাৰ আশ্ৰব আলীয়ে এখন বাঁহৰ সাকো নিৰ্মাণ কৰি দলং খনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে যদিও নিৰ্মাণ কাৰ্য একেবাৰে শামুকীয়া গতিত হোৱাৰ বাবে দুবছৰেও দলঙৰ কাম সম্পূৰ্ণ হৈ নুঠাৰ অভিযোগ ৰাইজৰ ৷

দৰঙত শামুকীয়া গতিত চলিছে পকী দলং নিৰ্মাণৰ কাম

আনহাতে, ঠিকাদাৰে ৰাইজৰ চলাচলৰ বাবে নিৰ্মাণ কৰা বাহৰ সাঁকোখনো একেবাৰে জৰাজীৰ্ণ হৈ পৰাত যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে । যাৰবাবে অঞ্চলবাসীয়ে এইক্ষেত্ৰত অৰ্ধ-নিৰ্মিত হৈ থকা দলং খনৰ নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ কৰি দলং খনৰ আধৰুৱা কাম সম্পূৰ্ণ কৰিবলৈ বৃহত্তৰ অঞ্চলৰ ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ লগতে কামৰ দায়িত্বত থকা ঠিকাদাৰক দাবী জনাইছে । সমান্তৰালভাবে ভাঙি যোৱা বাঁহৰ দলঙখন পুনৰ নিৰ্মাণ কৰি দি ৰাইজৰ চলাচলৰ ক্ষেত্ৰত সুবিধা কৰি দিবলৈ আহব্বান জনাইছে ৰাইজে ৷

লগতে পঢ়ক : মুখ চম্ভালিব নোৱাৰি ইউপিপিএলৰ পৰা খেদা খালে পৃথ্বী নাৰায়ণ দেৱ মেচে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.