ETV Bharat / state

ৱেব প'ৰ্টেলে সংবাদ মাধ্যমৰ বাবে কঢ়িয়াই আনিছে ভাবুকি: জাৰিৰ হুছেইন

মঙলদৈ প্ৰেছ ক্লাৱৰ নৱম দ্বিবাৰ্ষিক অধিৱেশনখন শনিবাৰে অনুষ্ঠিত হৈ যায় ৷ অসমৰ সংবাদ জগতৰ বহু কেইজন গণ্য মাণ্য ব্যক্তিৰ লগতে সাংস্কৃতিক জগতৰ ভালেকেইজন লোক উপস্থিত থাকে অধিৱেশনখনত ৷ দৰং জিলা সদৰৰ সাংবাদিক সকলৰ উমৈহতীয়া অনুষ্ঠান মঙলদৈ প্ৰেছ ক্লাৱৰ ২০২০-২২ বৰ্ষৰ বাবে নতুন কাৰ্যনিৰ্বাহক সমিতিখনো গঠন কৰা হয় এই অধিৱেশনখনতে ৷

author img

By

Published : Nov 28, 2020, 10:46 PM IST

As_drg_press_club_inauguration_program_of_darrang_img_10006
ৱেব প'ৰ্টেলে সংবাদ মাধ্যমৰ বাবে কঢ়িয়াই আনিছে ভাবুকি: জাৰিৰ হুছেইন

মঙলদৈ, ২৮ নৱেম্বৰ: শনিবাৰে মঙলদৈ প্ৰেছ ক্লাৱৰ নৱম দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হয় মঙলদৈ প্ৰেছ ক্লাৱত ৷ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা দিনযোৰা অধিৱেশনখনত বিয়লি সভাপতি আব্দুল খালেকৰ সঞ্চালনাত অনুষ্ঠিত হয় মুকলি সভা ৷ অসমৰ সংবাদ জগতৰ বহু কেইজন গণ্য মাণ্য ব্যক্তিৰ লগতে সাংস্কৃতিক জগতৰ ভালেকেইগৰাকী লোক উপস্থিত থাকে অধিৱেশনখনত ৷ নৱম দ্বিবাৰ্ষিক অধিৱেশনৰ বিশিষ্ট অতিথি হিচাপে নিউজ লাইভৰ পৰিচালন সঞ্চালক চৈয়দ জাৰিৰ হুছেইন উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে, দিনে দিনে বাঢ়ি অহা ৱেব প'ৰ্টেলসমূহে সংবাদ মাধ্যমৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ৷ একাংশ সাংবাদিকৰ সামাজিক দায়বদ্বতাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে পৰিচালন সঞ্চালক গৰাকীয়ে ৷

মঙলদৈ প্ৰেছ ক্লাৱৰ নৱম দ্বিবাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি দৰং জিলা সদৰৰ সাংবাদিক সকলৰ উমৈহতীয়া অনুষ্ঠান মঙলদৈ প্ৰেছ ক্লাৱৰ ২০২০-২২ বৰ্ষৰ বাবে নতুন কাৰ্যনিৰ্বাহক সমিতিখনো গঠন কৰা হয় ৷ এই সভাতেই লক্ষীনন্দন কলিতাৰ সম্পাদনাত প্ৰকাশ পোৱা স্মৃতিগ্ৰন্থ উন্মোচন কৰে দৰঙৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাই ৷ প্ৰাগ নিউজৰ সহযোগী সম্পাদক দেৱজিৎ ভূঞা, গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথকে প্ৰমুখ্য কৰি এই অধিৱেশনত ৰাজনৈতিক, সাংস্কৃতিক ক্ষেত্ৰৰো বহুকেইগৰাকী লোক উপস্থিত থাকে ৷

লগতে পঢ়ক: সন্তোষ হোজাইৰ হত্যাৰ গোচৰত অভিযুক্ত আৰক্ষীৰ দুই কনিষ্টবলক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.