ETV Bharat / state

একাংশৰ বাবে সোণৰ কণী পৰা হাঁহত পৰিণত সংখ্যালঘু ছাত্ৰ বৃ্ত্তি - সংখ্যালঘু ছাত্ৰ বৃ্ত্তি

সংখ্যালঘু ছাত্ৰ বৃত্তিৰ বৃহৎ কেলেংকাৰী খাৰুপেটীয়াত । স্বয়ং প্ৰধান শিক্ষকৰ নামত আৱণ্টিত বৃত্তিৰ ধন। দৰং জিলাৰ অচিন তলা হাইস্কুলত (অপ্ৰাদেশীকৃত) ছাত্ৰ ছাত্ৰীৰ বৃত্তিৰ ধনত প্ৰধান শিক্ষকৰ শেন চকু । স্ত্ৰী,পুত্ৰ-কন্যা, নামতো আৱণ্টিত বৃত্তিৰ ধন।

scam in scholarship
scam in scholarship
author img

By

Published : Jul 8, 2020, 5:18 AM IST

দলগাঁও, ৭ জুলাই : সংখ্যালঘু ছাত্ৰ বৃ্ত্তিৰ নামত ৰাজ্যজুৰি ব্যাপক কেলেংকাৰী হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ বিশেষকৈ ৰাজ্যৰ সংখ্যালঘু অধ্যুষিত জিলাসমূহত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নামত আৱন্টিত জলপানী এটা চক্ৰই হজম কৰাৰ অভিযোগ উঠিছে ৷ সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষাৰ বাবে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে যোগান ধৰা 'প্ৰি-মেট্ৰিক স্কলাৰশ্বিপ ফৰ মাইন'ৰিটি' আঁচনিৰ ধন প্ৰকৃত ছাত্ৰ-ছাত্ৰীয়ে লাভ নকৰা বুলি এটা গুজৱ উঠিছে ৷

ৰাজ্যত ছাত্ৰ বৃত্তিৰ ধনৰ ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠাৰ সময়তে এইবাৰ দৰং জিলাৰ অচিনতলা হাইস্কুলত (অপ্ৰাদেশীকৃত) সংঘটিত দুৰ্নীতিয়ে কঁপাইছে সমগ্ৰ দৰং জিলা। অভিযোগ অনুসৰি প্ৰধান শিক্ষক মনোহৰ বাদশ্বাহে ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামত প্ৰি-মেট্ৰিক স্কলাৰশ্বিপৰ ধন আৱন্টন কৰাই কৌশগতভাৱে সেই ধন আত্মসাতৰ কৰিছে । বিদ্যালয়ৰ প্ৰধান শিক্ষকজনে নিজৰ ছবছৰীয়া পুত্ৰক নৱম শ্ৰেণীৰ ছাত্ৰ সজোৱাৰ লগতে অতি নিৰ্লজ্জভাবে নিজৰ পত্নীকো ভাই বোৱাৰী সজোৱাৰ উপৰিও সজালে নৱম শ্ৰেণীৰ ছাত্ৰী ।

কেৱল এইয়াই নহয়, এঢাপ আগুৱাই গৈ প্ৰধান শিক্ষকজনে নিজকে দশম শ্ৰেণীৰ ছাত্ৰ সজাই ছাত্ৰবৃত্তিৰ ধন আত্মসাৎ কৰাৰো অভিযোগ উঠিছে ৷ পিতা দশম শ্ৰেণীৰ ছাত্ৰ হোৱাৰ বিপৰীতে ছবছৰীয়া পুত্ৰ নৱম শ্ৰেণীৰ ছাত্ৰ হিচাপে নাম তালিকাত অন্তৰ্ভুক্ত হৈছে । একেখন বিদ্যালয়তে অধ্যয়নৰত পতি-পত্নী-পুত্ৰ সকলো। আনকি, প্ৰদান শিক্ষকজনে নিজৰ ভাই-ককাই আৰু বাই-ভনীৰ নামো ছাত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিও ধন সৰকোৱাৰ অভিযোগ উঠিছে ৷

স্বয়ং প্ৰধান শিক্ষকৰ নামত আৱণ্টিত বৃত্তিৰ ধন

এই সমগ্ৰ দুৰ্নীতি পোহৰলৈ আনিছে আলী আহমেদ নামৰ আৰটিআই কৰ্মী এজনে । ঘটনা সন্দৰ্ভত দুৰ্নীতিৰ তদন্ত বিচাৰি জিলা উপায়ুক্তক অভিযোগ দাখিল কৰাৰ পাচতো লোৱা নাই কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ তুলিছে আৰ টি আই কৰ্মী জনে । এই সন্দৰ্ভত নিৰপেক্ষ তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অসমৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে আৰ টি আই কৰ্মী আলী আহমেদে ।

প্ৰায়েই দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্যসহনশীলতাৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত বিভিন্ন চৰকাৰী আঁচনিৰ নামত কিন্তু বিয়াগোম দুৰ্নীতি চলিয়েই আছে ৷ কৃষক সন্মান নিধি আঁচনিৰ অধীনত ভুৱা কৃষকে কৃষি সাহাৰ্য লাভ কৰাৰ পাচত এইবাৰ ছাত্ৰ-ছাত্ৰীৰ জলপানীৰ ধন সোমাইছে ভুৱা একাউন্টত ৷ এই সমূহ দুৰ্নীতিৰ যথোচিত বিচাৰ কৰিবলৈ সক্ষম হ'ব নে সোণোৱাল চৰকাৰ, নে কেৱল ভাষণ শুৱনি কৰা শব্দ হৈছে ৰ'ব শূন্য সহনশীল নীতি ৷ সেইয়া এতিয়া ডাঙৰ প্ৰশ্ন ৷

লগতে পঢ়ক : সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.