দলগাঁও,১৯ ডিচেম্বৰ : খাৰুপেটীয়াৰ মণ্ডলপাৰা গাঁৱত শনিবাৰে উদ্ধাৰ হয় গছত ওলমি থকা এজন যুৱকৰ মৃতদেহ। ঘটনা অনুসৰি খাৰুপেটীয়া থানাৰ অন্তৰ্গত মণ্ডলপাৰা গাঁৱৰ মুছলিম উদ্দিনৰ পুত্ৰ আজগৰ আলি শুকুৰবাৰে নিশা 10 মান বজাত ঘৰৰ পৰা ওলাই যায় যদিও ঘৰলৈ উভতি নাহে ।

আনহাতে পুৱা মুছলিম উদ্দিনৰ একমাত্ৰ উপাৰ্জনকাৰী পুত্ৰ আজগৰ আলীৰ মৃতদেহ মণ্ডলপাৰাৰ গাঁৱৰ পথাৰত থকা গছ এজোপাত চিপ লৈ ওলমি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰি খাৰুপেটীয়া থানাত খবৰ দিয়ে । খবৰৰ ভিত্তিত খাৰুপেটীয়া থানাৰ আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ গাঁৱৰ গাঁওবুঢ়া আৰু গাঁওৰক্ষী বাহিনীৰ লোকৰ উপস্থিতিত ৰাইজৰ সহযোগত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সোধ-পোছ আৰম্ভ কৰিছে । আৰক্ষীৰ তদন্ততৰ পাচতহে পোহৰলৈ আহিব এয়া হত্যা নে আত্মহত্যা ।
লগতে পঢ়কঃ নয়দাত অগ্নিকাণ্ডত মৃত্যু অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ সহ পত্নীৰ