ETV Bharat / state

মঙলদৈৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৰাজসাহাৰ্যযুক্ত ঋণ প্ৰদান অনুষ্ঠান - mangaldoi

বৃহস্পতিবাৰে মঙলদৈৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৰাজসাহাৰ্যযুক্ত ঋণ প্ৰদানৰ এক অনুষ্ঠান অনুষ্ঠিত হয় ৷ প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ অধীনত পথৰ কাষত দোকান থকা লোকসকলৰ জীৱিকাত সহায়ৰ অৰ্থে এই অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷

মঙলদৈৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ
মঙলদৈৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ
author img

By

Published : Dec 17, 2020, 10:40 PM IST

দৰং, 17 ডিচেম্বৰ: প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ অধীনত পথৰ কাষত দোকান থকা লোকসকলৰ জীৱিকাৰ সহায়ৰ অৰ্থে বৃহস্পতিবাৰে,মঙলদৈৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৰাজসাহাৰ্যযুক্ত ঋণ প্ৰদানৰ এক অনুষ্ঠান অনুষ্ঠিত হয় ৷ ৰাষ্ট্ৰীয় নগৰীয় জীৱিকা অভিযানৰ উদ্যোগত মঙলদৈ পৌৰসভাৰ কাৰ্যবাহী বিষয়া কমলজিৎ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানটোত মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস,ভাৰতীয় ষ্টেট বেংকৰ মঙলদৈ শাখাৰ মুখ্য প্ৰৱন্ধক, জিলাখনৰ নগৰ আৰু গাঁও পৰিকল্পনাৰ উপসঞ্চালককে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷

মঙলদৈৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৰাজসাহাৰ্যযুক্ত ঋণ প্ৰদান অনুষ্ঠান

সভাত উপস্থিত থাকি বিধায়ক গুৰুজ্যোতি দাসে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনে তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰি সকলো লোকৰে কল্যাণ সাধনেৰে এখন আধুনিক ৰাষ্ট্ৰ গঢ়াৰ উদ্দেশ্যে এই ঋণ প্ৰদানৰ আঁচনি গ্ৰহণ কৰিছে ৷ মঙলদৈ শাখাৰ ষ্টেট বেংকৰ মুখ্য প্ৰৱন্ধক উত্তম চন্দ্ৰ কলিতাই সভাত হিতাধিকাৰীসকলক নিয়মীয়াকৈ ঋণ পৰিশোধ কৰি পৰৱৰ্তী পৰ্যায়ত নিজকে অধিক ঋণ পাবৰ বাবে উপযুক্ত কৰিবলৈ অনুৰোধ জনায় ৷ উল্লেখযোগ্য যে, ষ্টেট বেংকৰ পৰা যোগান ধৰিবলগীয়া আঁচনিটোত হিতাধিকাৰীসকলক ৯ শতাংশ সুতত দহ হাজাৰ টকাকৈ ঋণ প্ৰদান কৰা হ'ব যদিও সুতৰ ৭ শতাংশই বহন কৰিব চৰকাৰে ৷

লগতে পঢ়ক: বন্ধ নহয় উত্তৰ পূৰ্বাঞ্চলৰ কোনো আকাশবাণী কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.