ETV Bharat / state

শিক্ষা বিভাগৰ সিদ্ধান্তই বিপাঙত পোলাইছে শিক্ষাৰ্থীক! - দৰং জিলাৰ ২৫ খন চৰকাৰী বিদ্যালয়

শিশু শিক্ষা অধিকাৰ আইন ২০০৯ক অৱমাননা কৰি শিক্ষা বিভাগে বন্ধ কৰিবলৈ ওলাইছে 25 খনকৈ বিদ্যালয় ৷  শিক্ষা বিভাগৰ এই সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অভিভাৱক তথা জাতীয় সংগঠন সমুহ ৷

কিয় শিক্ষা বিভাগে গ্ৰহণ কৰিছে এই সিদ্ধান্ত
author img

By

Published : Nov 1, 2019, 7:52 AM IST

ছিপাঝাৰ, 31 অক্টোবৰঃ ধোৱাচাঙত পৰিণত হৈছে শিশু শিক্ষা অধিকাৰ 2009 ৷ চৰকাৰ তথা শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধান্তই বিপাঙত পেলাইছে বহু শিক্ষাৰ্থীৰ লগতে অভিভাৱকক ৷ বহু শিক্ষাৰ্থীৰ জীৱনলৈ নামি আহিছে অমানিশা ৷

কিয় শিক্ষা বিভাগে গ্ৰহণ কৰিছে এই সিদ্ধান্ত

উল্লেখ্য যে,চৰকাৰে সিদ্ধান্ত লৈছে দৰং জিলাৰ ২৫ খন চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ ৷ মধ্য ইংৰাজী বিদ্যালয় আৰু প্ৰাথমিক বিদ্যালয় বন্ধৰ সিদ্ধান্ত লৈছে শিক্ষা বিভাগে ৷ জিলাখনৰ ছিপাঝাৰ শিক্ষাখণ্ডত থকা ১৮ খন আৰু কলাইগাঁও শিক্ষা খণ্ডৰ ৭ খন বিদ্যালয় বন্ধ হোৱাৰ ঘোষণা ৷ ইতিমধ্যে এই বিদ্যালয় সমূহৰ পৰা স্থানান্তৰ কৰা হৈছে শিক্ষকসকলক ৷ চৰকাৰে বন্ধ কৰি দিয়া বিদ্যালয় সমূহৰ তালিকাত আছে ২০১৭ চনত গুণোৎসৱত ৯৯.৪০ % নম্বৰ লাভ কৰা তথা অসমৰ ভিতৰত সৰ্বোচ্চ তালিকাত থকা দগীয়াপাৰা বান্দৰীঝাৰ প্ৰাথমিক বিদ্যালয়খনো ৷

সম্পূৰ্ণ আন্ত:গাঠনি থকাৰ পিছতো শিক্ষা বিভাগে লৈছে এই সিদ্ধান্ত ৷ যাৰ বাবে এতিয়া জাঙুৰ খাই উঠিছে শিক্ষাৰ্থীসকলৰ অভিভাৱকৰ লগতে বহু দল-সংগঠন ৷ একাংশৰ মন্তব্য যদি এই বিদ্যালয়সমূহত উন্নত শিক্ষাৰ ব্যৱস্থা নাই তেন্তে বিদ্যলয়সমূহত উন্নত শিক্ষাৰ ব্যৱস্থা কৰক ৷ কিন্তু বিদ্যালয়সমূহ বন্ধ কৰাৰ কোনো প্ৰয়োজন নাই ৷ কিন্তু শিক্ষা বিভাগ নিজৰ সিদ্ধান্তত অটল ৷ বিদ্যালয়সমূহত নাই কোনো শিক্ষক ৷ বৰ্তমান বিদ্যালয়সমূহ পৰিণত হৈছে ভূত বাংলাত ৷ ইফালে,বহু শিক্ষাৰ্থী বেচৰকাৰী বিদ্যালয়লৈ গতি কৰিছে যদিও আন বহু শিক্ষাৰ্থী বিদ্যালয়লৈ যাব পৰা নাই ৷ যাৰ ফলত শিক্ষাৰ্থীসকলৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে অভিভাৱকসকল ৷

লগতে পঢ়কঃ নিজৰ জন্মদিনত ETV Bharatৰ শলাগ ললে যাদৱ পায়েঙে

Intro: --- বন্ধ হোৱাৰ উপক্ৰম ২৫খন চৰকাৰী বিদ্যালয়
---- অসম চৰকাৰৰ শিক্ষা বিভাগৰ হঠকাৰী সীদ্ধান্ত ৷

২৫ খন মধ্য ইংৰাজী আৰু প্ৰাথমিক বিদ্যালয় বন্ধ হৱ ৷

ছিপাঝাৰ শিক্ষা খণ্ডত ১৮ খন আৰু কলাইগাঁও শিক্ষা খণ্ডত ৭ খন ৷

আন্তগাঠনি থকাৰ পিছতো বন্ধ কৰাৰ সীদ্ধান্ত চৰকাৰৰ ৷

এতিয়া ভূত বাংলাত পৰিণত চৰকাৰী বিদ্যালয় ৷

চৰকাৰ তথা শিক্ষা বিভাগৰ হেমাহিত বন্ধ হল চৰকাৰী বিদ্যালয় ৷

২০১৭ চনৰ গুনোৎসৱত অসমৰ সৰ্বোচ্চ ৯৯.৪০ % নম্বৰ পোৱা বিদ্যালয়ো বন্ধৰ তালিকাত ৷

স্থানান্তৰ কৰা হল অন্য বিদ্যালয়লৈ শিক্ষকক ৷

হা - হুমুনিয়াহ ছাত্ৰ ছাত্ৰীৰ ৷
Body:-- ধোৱাচাঙত শিশু শিক্ষা অধিকাৰ আইন ২০০৯ ৷ চৰকাৰ তথা শিক্ষা বিভাগৰ হঠকাৰী সীদ্ধান্ত ৷ দৰঙ জিলাত শীৰ্ঘ্ৰে বন্ধ হব ২৫ খন চৰকাৰী বিদ্যালয় ৷ মধ্য ইংৰাজী বিদ্যালয় আৰু প্ৰাথমিক বিদ্যালয়ত এই সীদ্ধান্ত শিক্ষা বিভাগৰ ৷ জিলাখনৰ ছিপাঝাৰ শিক্ষাখণ্ডত ১৮ খন আৰু কলাইগাঁও শিক্ষা খণ্ডত ৭ খন বিদ্যালয় ৷ শিক্ষা বিভাগৰ চুড়ান্ত গাফিলতিত বন্ধ হৈ পৰিৱ ২৫ খন চৰকাৰী বিদ্যালয় ৷ ইতিমধ্যে সেই সমুহ বিদ্যালয়ৰ পৰা স্থানান্তৰ কৰা হৈছে শিক্ষক সকলক ৷ চৰকাৰে বন্ধ কৰি দিয়া বিদ্যালয় সমুহৰ তালিকাৰ পৰা বাদ নপৰিল ২০১৭ চনৰ গুনোৎসৱত ৯৯.৪০ % নম্বৰ লাভ কৰি অসমৰ ভিতৰত সৰ্বোচ্চ তালিকাত থকা দগীয়াপাৰা বান্দৰীঝাৰ প্ৰাথমিক বিদ্যালয়খনো ৷ বন্ধ হৈ পৰা বিদ্যালয় সমুহ এতিয়া ভুত বাংলাত পৰিণত ৷ সম্পূৰ্ণ আন্তগাঠনি থকাৰ পিছতো কিয় শিক্ষা বিভাগৰ এই সীদ্ধান্ত ? গুনগত শিক্ষকৰ অভাৱ নেকি চৰকাৰী বিদ্যালয়ত ? নে চৰকাৰী বিদ্যালয়ত শিক্ষা বিভাগৰ সুস্থিৰ নীতিৰ অভাৱ ? কিয় চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ অভাৱ ? অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয় ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে নেকি চৰকাৰ ৷ হা - হুমুনিয়াহ এতিয়া ছাত্ৰ ছাত্ৰীৰ মাজত ৷ কিয়নো সৰুৰে পৰা পঢ়া বিদ্যালয়খন এৰি যাবলগীয়া হৈছে দূৰদুৰনিৰ এখন বিদ্যালয়লৈ ৷ শিক্ষা বিভাগৰ এই সীদ্ধান্তত জাঙুৰ খাই উঠিছে অভিভাৱক তথা জাতীয় সংগঠন সমুহ ৷ দৰঙৰ একাংশ বিদ্যালয়ত নাই ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক ৷যাৰ বাবে বেচৰকাৰী বিদ্যালয়লৈ গতি কৰিছে ছাত্ৰ ছাত্ৰী ৷ ইয়াৰ বাবে কোন দায়ী ? ছাত্ৰ ছাত্ৰী ? অভিভাৱক ? নে চৰকাৰৰ ভুল শিক্ষা নীতি ?

Byte ----- সান্হীয় লোক
Byte-----
Byte----আছু নেতা
Byte----

Conclusion:গভীৰ আস্থা আৰু বিশ্বাসত ৰাইজে স্থাপন কৰি ছাত্ৰ ছাত্ৰীক পোহৰৰ বাত দেখুৱালৈ গাঁও সমুহত প্ৰতিস্থা কৰা বিদ্যালয় সমুহ এইদৰে চৰকাৰে বন্ধ কৰি দিয়াতো কিমান যুক্তি সংগত ?

Debabrat goswami,darrang
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.