মঙলদৈ, 13 মে' : লক্ ডাউনৰ মাজতে মঙলদৈত সংঘটিত হ'ল এক জঘন্য কাণ্ড । নিজ পিতৃৰ হাতত নিৰ্যাতিত হ'ল এগৰাকী পঞ্চম শ্ৰেনীত পঢ়ি থকা কণমানি ৷ জানিব পৰা মতে, মঙলদৈ ন হাউলীৰ এজন লোকে বহু দিনৰ পৰাই নিজ কন্যাক যৌন নিৰ্যাতন চলাই থকাৰ অভিযোগ উত্থপিত হৈছে ৷ লোকজনৰ এই কাণ্ডৰ বিষয়ে জানিব পাৰি উত্তেজিত হৈ অভিযুক্তৰ ঘৰটো সম্পূৰ্ণ ভাঙি পেলাই স্থানীয় ৰাইজে । নিৰ্যাতনকাৰী লোকজনক ইতিমধ্যে আটক কৰিছে মঙ্গলদৈ আৰক্ষীয়ে ।
লগতে পঢ়ক : দিল্লীৰ পৰা আহি থকা বিশেষ ৰে'লক লৈ তৎপৰতা কোকৰাঝাৰত