দৰং, 24 মে’: দৰঙৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰধান পৰিচালকক গ্ৰেপ্তাৰ (Darrang district industries and commerce centre)। দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰে পৰিচালক হেমন্ত কুমাৰ তালুকদাৰক ৷ এজন যুৱকৰ পৰা ১৫ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে হাতে লোতে ধৰা পৰে হেমন্ত কুমাৰ তালুকদাৰ ।
জানিব পৰা মতে, প্ৰাঞ্জল নাথ নামৰ এজন যুৱকৰ পৰা তালুকদাৰে বিচাৰিছিল ১৫ হাজাৰ টকা । প্ৰাঞ্জল নাথে PMEGP ৰ আঁচনিৰ ঋণৰ আবেদন কৰাৰ পাছত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰধান পৰিচালক তালুকদাৰে বিচাৰিছিল উৎকোচ ৷
লগতে পঢ়ক: কমিচন বিচাৰি চকী হেৰুৱালে স্বাস্থ্যমন্ত্ৰীয়ে