ETV Bharat / state

Former Assam MLA passes away: প্ৰাক্তন বিধায়ক লক্ষীকান্ত শইকীয়াৰ বিয়োগ; মঙলদৈত শোকৰ ছাঁ

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 8:58 PM IST

কলাইগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক লক্ষ্মীকান্ত শইকীয়াৰ দেওবাৰে বিয়লি পৰলোকপ্ৰাপ্তি ঘটে ৷ ৮৬ বছৰ বয়সত, বাৰ্ধক্যজনিত কাৰণত নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে লক্ষীকান্ত শইকীয়াৰ ৷

Former Congress MLA Lakshmi Kanta Saikia
প্ৰাক্তন বিধায়ক লক্ষীকান্ত শইকীয়াৰ পৰলোকপ্ৰাপ্তি

মঙলদৈ, ১৭ ছেপ্টেম্বৰ : মঙলদৈৰ বিশিষ্ট নাগৰিক, জ্যেষ্ঠ অধিবক্তা তথা কলাইগাওঁ সমষ্টিৰ প্ৰাক্তন বিধায়ক লক্ষীকান্ত শইকীয়াৰ দেওবাৰে বিয়লি পৰলোকপ্ৰাপ্তি ঘটে ৷ সমবায় আন্দোলনৰ বিশিষ্ট নেতা হিচাবে পৰিচিত শইকীয়াই ৮৬ বছৰ বয়সত, বাৰ্ধক্যজনিত কাৰণত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ৷

১৯৩৭ চনৰ ২৭ জুলাইত জন্মগ্ৰহণ কৰা শইকীয়া ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ৷ তেওঁ সদৌ গুৱাহাটী ছাত্র সন্থাৰ সভাপতি হোৱাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাবে নিৰ্বাচিত হৈছিল ৷ পিছলৈ ৰাজনৈতিক দলত প্ৰৱেশ কৰি অসম প্ৰাদেশীক সমাজবাদী কংগ্ৰেছৰ ৰাজ্যিক সভাপতি নিৰ্বাচিত হোৱাৰ লগতে ৬৫ নং কলাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক নিৰ্বাচিত হৈছিল ৷

প্ৰধানত সমাবায় আন্দোলনৰ নেতা হিচাবে পৰিচিত শইকীয়া অসম কো-অপাৰেটিভ এপেক্স বেংকৰ সঞ্চালক মণ্ডলীৰ সদস্য, অসম ৰাজ্যিক সমবায় ইউনিয়নৰ উপ-সভাপতি, মঙলদৈ নগৰ সমবায় বেংকৰ একেৰাহে ২৫ বছৰ কাল সভাপতি হোৱাৰ উপৰিও মঙলদৈ পাইকাৰী সমবায় সমিতিৰো সভাপতি আছিল ৷ মঙলদৈ অঞ্চলৰ বহু কেইখন বিদ্যালয়, মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা শইকীয়া সংবাদ সেৱাৰ সৈতেও জড়িত আছিল ৷

তেখেতৰ মৃত্যুৰ সময়ত তিনি পুত্ৰসহ নাতি-নাতিনী ইহ সংহাৰত এৰি থৈ যায় ৷ সমাজসেৱী শইকীয়াৰ মৃত্যুত বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে ৷

দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথ, সম্পাদক বসন্ত শইকীয়া, দৰং জিলা ছাত্র সন্থাৰ উপদেষ্টা খনিন্দ্ৰ ৰাজবংশী, সভাপতি পৰাগ চহৰীয়া, সম্পাদক সত্য ৰঞ্জন ডেকা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপ-সভাপতি ভৱেশ কাকতি, অসম বাৰ্তাজীৱি সংঘৰ সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মা, মঙলদৈ প্ৰেছ ক্লাৱৰ সভাপতি মদন চন্দ্ৰ বৰুৱা, সম্পাদক লক্ষী নন্দন কলিতা, দৰং জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ নাথ হাজৰিকা, মঙলদৈ উকীল সন্থাৰ সভাপতি হৰিৰাম চহৰীয়া, সম্পাদক হেমন্ত কুমাৰ শৰ্মা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সভাপতি বিপুল মহন্ত, সাংসদ দিলীপ শইকীয়া, বিধায়ক বসন্ত দাস, ডঃ পৰমানন্দ ৰাজবংশী, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, বিটিচিৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা, যুৱ নেতা অশোক ভাৰ্গৱ, জোনজ্যোতি কাশ্যপ, দৰং জিলা বিজেপিৰ সভাপতি অমৰ শৰ্মা, অগপৰ জিলা সভাপতি কমলেশ্বৰ বৰুৱা, অসম দবা সন্থাৰ সভাপতি কন্দৰ্প কলিতা, দৰং জিলা কংগ্ৰেছৰ সভাপতি মাধৱ ৰাজবংশী, যুৱ অধিবক্তা বিশ্বজিৎ শইকীয়া আদিয়ে গভীৰ শোক প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : Goalpara civil hospital: গোৱালপাৰা অসামৰিক চিকিৎসালয়ত নাৰ্ছৰ বিৰুদ্ধে ধনদাবীৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.