ETV Bharat / state

kharupetia wholesale vegetable market: পাচলিৰ উচিত মূল্য নাপাই হাহাকাৰ পৰিস্থিতিত ৰাজ্যৰ কৃষক - no fair price for vegetables in kharupetia

হোৰাহোৰে কমিছে পাচলিৰ মূল্য । অনিয়ন্ত্ৰিত বজাৰ ব্যৱস্থাৰ বাবেই সৃষ্টি এনে অৱস্থাৰ । হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন কৃষক সকল । খাৰুপেটীয়াত হুৰহুৰাই কমিছে বিলাহীৰ চাহিদা ‌। পথাৰতে পচিছে ৰঙা‌ ৰঙা বিলাহী (farmers facing losses in Kharupetia) ৷

kharupetia wholesale vegetable market
হাহাকাৰ পৰিস্থিতিত ৰাজ্যৰ কৃষক
author img

By

Published : Jan 17, 2023, 1:15 PM IST

হাহাকাৰ পৰিস্থিতিত ৰাজ্যৰ কৃষক

দলগাঁও ‌‌,১৬ জানুৱাৰী : বিপদে লগ এৰা নাই ৰাজ্যৰ কৃষক সকলক । দেহৰ ঘাম মাটিত পেলায় ফচল উৎপাদন কৰে যদিও সদায়ে কৃষকসকলে লোকচানৰ সন্মুখীন হৈ আহিছে (farmers facing losses in Kharupetia) ৷ নুন্যতম সমৰ্থন মূল্যখিনিও লাভ কৰিবলৈও প্ৰায়ে সক্ষম নহয় ৰাজ্যৰ কৃষকসকলে ৷

কৃষি কৰ্মত প্ৰয়োজনীয় এফালে সাৰ, বীজ, ঔষধ আদিৰ দৈনিক বৃদ্ধি হৈছে অত্যাধিক দাম; কিন্তু ইয়াৰ বিপৰীতে চাহিদা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে পাচলিৰ ৷ যাৰ বাবে অতি কম দামত বিক্ৰী কৰিবলগীয়াত পৰিছে পাচলি ।

ৰাজ্যৰ অন্যতম এখন চাহিদাসম্পন্ন পাচলিৰ বজাৰ হ’ল দৰঙৰ খাৰুপেটীয়া‌ বজাৰ ৷ সম্প্ৰতি দৰঙৰ খাৰুপেটীয়া‌ৰ পাইকাৰী বজাৰৰ কৃষকসকলেও পাচলিৰ উচিত মূল্য বিচাৰি মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে (Kharupetia wholesale vegetable market)৷ কিছুদিন পূৰ্বে কৃষকে বিভিন্ন ধৰণৰ পাচলিৰ লগতে যি বিলাহী উচ্চ দামত বিক্ৰী কৰিছিল, সেই বিলাহী বৰ্তমান খাৰুপেটীয়াত হৈ পৰিছে মূল্যহীন, চাহিদাশূণ্য ।

যাৰ ফলত বিক্ৰী কমি গৈছে বজাৰখনত সতেজ বিলাহীৰ । যিয়ে বিপাঙত পেলাইছে কৃষকসকলক ৷ বিলাহীৰ দাম হুৰ হুৰাই কমি অহাত মূৰে কপালে হাত দিব লগীয়া হৈছে ৰাজ্যৰ কৃষকে । প্ৰতি বিঘা খেতিত ২০-২৫ হাজাৰ টকা খৰচ কৰি উৎপাদন কৰা বিলাহীৰ মূল্য খাৰুপেটীয়াৰ বালুগাঁও পাইকাৰী বজাৰত দ্ৰুতগতিত কমি আহি ৩/৪ টকাৰ পৰা প্ৰতি কেজি ৬/৭ টকাকৈ বিক্ৰী কৰিবলগীয়া হৈছে (Assam’s Farmers facing losses)৷

পানীতকৈ‌ কম দৰত বিক্ৰী কৰিবলগীয়া হোৱাত মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে কৃষক সকলৰ মাজত । পৰিবহন ব্যয়তকৈও কম দামত বিলাহী ‌বিক্ৰী কৰিবলগীয়া হোৱাত অৰ্থাৎ আয়ত কৈ ব্যয় বেছি হোৱাত বহু কৃষকে পথাৰতে পচিবলৈ দিছে পকিবলৈ ধৰা ৰঙা ৰঙা বিলাহী । যাৰ ফলত হাজাৰ হাজাৰ টকাৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে ৰাজ্যৰ কৃষকসকলে ।

সকলো ধৰণৰ পাচলিৰ লগতে বিলাহীৰ দামো দ্ৰুতগতিত কমি অহাত বিঘাই‌ বিঘাই‌ বিলাহীৰ খেতি কৰা কৃষকসকল‌ হৈ পৰিছে‌ উপায়হীন, হা-হুমনিয়াহ দিন পাৰ কৰিবলগীয়াত পৰিছে কৃষকসকলে । এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ‌ বাবে চৰকাৰলৈ আহ্বান জনাইছে দৰিদ্ৰ কৃষকে ।

লগতে পঢ়ক : Delhi High Court grants interim bail to Kuldeep Singh Sengar : ধৰ্ষণ কাণ্ডৰ সৈতে জড়িত প্ৰাক্তন বিজেপি বিধায়কলৈ জামিন প্ৰদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.