ETV Bharat / state

কুৰুৱাত গৰাখহনীয়াৰ প্ৰতিৰোধত সেনাবাহিনী নিয়োগৰ দাবী ড0 সমুজ্বল ভট্টাচাৰ্যৰ - জিলা প্ৰশাসন

যি কোনো মুহূৰ্ততে ব্ৰহ্মপুত্ৰৰ খহনীয়াই দহ সহস্ৰাধিক পৰিয়ালৰ ভেটি মাটি উচন কৰাৰ আশংকা, নিৰ্বিকাৰ জলসম্পদ বিভাগ ৷

কুৰুৱাত ব্ৰহ্মপুত্ৰৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে
author img

By

Published : May 11, 2019, 2:28 PM IST

দৰং, 11মে': দৰং জিলাৰ কুৰুৱাত ব্ৰহ্মপুত্ৰৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে ৷ যি কোনো মুহুৰ্ততে ভাগি পৰিব পাৰে মথাউৰি ৷ গৰাখহনীয়া ৰোধ কৰিবলৈ জিলা প্ৰশাসন, তথা বিয়াগোম অসম চৰকাৰৰ জলসম্পদ বিভাগৰ গুৰুত্বহীনতাৰ অভিযোগ ৷

etv bharat assam
কুৰুৱাত ব্ৰহ্মপুত্ৰৰ খহনীয়া
বিগত 4-5 দিন ধৰি জিলা খনৰ কুৰুৱাত ভয়াৱহ ৰূপত গঢ়া খহিছে ৷ মথাউৰিটোৰ দীঘলে 2 কিলোমিটাৰ বহলে 300 মিটাৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ গৈছে ৷ ইতিমধ্যে মাথাউৰিটোৰ প্ৰায় 95 শতাংশ ব্ৰহ্মপুত্ৰত জাহ গৈছে ৷ আৰু মাত্ৰ 10 মিটাৰ খহিলেই কেইবাটাও ঘৰ ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হোৱাৰ আশংকা স্থানীয় ৰাইজৰ ৷ জানিব পৰা মতে 55 বছৰ পূৰ্বে 4 কিলোমিটাৰ মাথাউৰি নিৰ্মাণ কৰা হৈছিল ৷ তাৰ পাচত 5 বছৰ পূৰ্বে কিছু মাথাউৰিটো সম্প্ৰসাৰণ কৰা হৈছিল ৷ ইপিনে স্থানীয় লোকসকলে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিছিল যদিও সেয়া ফলপ্ৰসূ নোহোৱাৰ অভিযোগ ৷ লগতে স্থানীয় বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ নিৰ্লিপ্ত ভুমিকাত ক্ষুব্ধ কুৰুৱাবাসী ৰাইজ ৷ আনহাতে জলসম্পদ বিভাগৰো তৎকালীন ভাৱে খহনীয়া ৰোধ কৰিবলৈ পৰ্যাপ্ত সামগ্ৰী নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ সেয়ে এতিয়া যি কোনো মুহূৰ্ততে ব্ৰহ্মপুত্ৰ খহনীয়াই দহ সহস্ৰাধিক পৰিয়ালৰ ভেটি মাটি উচন কৰাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ উল্লেখ্য যে শুকুৰবাৰে কুৰুৱাত দৰং জিলা আছুৰ কেন্দ্ৰীয় ৰঙালী বিহু আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহত আছুৰ মুখ্য উপদেষ্টা ড0 সমুজ্বল কুমাৰ ভট্টাচাৰ্যই কুৰুৱাৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ওপৰত চৰকাৰে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰে ৷ লগতে চৰকাৰে শীঘ্ৰে প্ৰতিৰোধ আৰু প্ৰয়োজনত সেনাবাহিনী নিয়োগ কৰি হ'লেও ব্ৰহ্মপুত্ৰৰ মথাউৰি মেৰামতি কৰি ৰাইজক উদ্ধাৰ কৰিবলৈ দাবী জনায় ৷

sample description
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.