মঙলদৈ, 27 জুন : মুষলধাৰ বৰষুণৰ পাচতেই ফেনে-ফুটুকাৰে বাঢ়ি অহা শাকতোলা নদীৰ পানীয়ে নিশাৰ ভিতৰতে চিঙি নিলে মঙলদৈ জলজলিৰ জলসম্পদ বিভাগৰ সোঁ পাৰৰ মথাউৰিটো ।
ভূটানৰ পৰা নামি অহা শাকতোলা নদীৰ বানে ছিঙি নিয়া 20 ফুট অংশৰে বৰ্তমান হুৰাহুৰে পানী সোমাই আহিছে কাষৰীয়া অঞ্চলসমূহত । মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত কেওত পাৰা,ডাহি নগাঁও,কৈকাৰা গাঁওকে আদি কৰি কেইবাখনো গাঁও বৰ্তমান প্লাবিত হৈ পৰিছে । বৰ্তমান আতংকত সময় পাৰ কৰা অঞ্চলটোৰ ৰাইজৰ বহু বিঘা খেতি মাটি বানত প্লাবিত হোৱাৰ লগতে ঘৰৰ পুখুৰী সমূহৰ মাছ ওলাই যোৱা বুলিও জানিবলৈ দিছে ৷
লগতে পঢ়ক : গোলাঘাটত পুনৰ বন্যহস্তীৰ ত্ৰাস