ETV Bharat / state

মঙলদৈত ইলেকট্ৰনিক মিডিয়া ফ’ৰামৰ উদ্যোগত ক’ৰণা সজাগতা

author img

By

Published : Sep 13, 2020, 4:01 PM IST

মঙলদৈ চহৰৰ একাংশই সকলো প্ৰ’টকল ভংগ কৰি মাস্ক বিহীনভাৱে অথবা সামাজিক দুৰত্ব বজাই নাৰাখি এক অশনি সংকেট কঢ়িয়াই আনিছে চহৰখনলৈ ৷

electronic media forum distribute mask
মঙলদৈত ইলেকট্ৰনিক মিডিয়া ফ’ৰামৰ উদ্যোগত ক’ৰণাৰ সজাগতা সৃষ্টি

দৰং, 13 ছেপ্তেম্বৰঃ ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ক’ৰণাই ৷ বৰ্তমানলৈ অসমত ১,৪০,৪৭১ গৰাকী আক্ৰান্ত হৈছে কোভিড-19ত ৷ ইপিনে মৃত্যু মুখত পৰিছে ৪৫৩ গৰাকীকৈ লোক । কিন্তু ইয়াৰ পাছতো নাই কোনো সামাজিক নিয়ন্ত্ৰণ ।

ৰাজ্যৰ সমান্তৰালভাৱে দৰং জিলাতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে ক’ৰণাই ৷ দৰঙত বৰ্তমানলৈ ৩,২৫৬ গৰাকী কোভিড-19ত আক্ৰান্ত হৈছে । অৱশ্যে ইয়াৰে বৰ্তমানলৈকে ২৭০৩ গৰাকী সুস্থ হৈ উঠিছে ৷ তাৰ বিপৰীতে ৫৫৩ গৰাকী আক্ৰান্ত এতিয়াও চিকিৎসাধীন হৈ আছে ৷ জিলাখনত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা ক’ৰণা সংখ্যাকলৈ চিন্তিত হৈ পৰিছে চিকিৎসক আৰু দৰং জিলাৰ সচেতন লোক ।

ইমানৰ পিছতো মঙলদৈ চহৰৰ একাংশই সকলো প্ৰ’টকল ভংগ কৰি মাস্ক বিহীনভাৱে অথবা সামাজিক দুৰত্ব বজাই নাৰাখি এক অশনি সংকেট কঢ়িয়াই আনিছে চহৰখনলৈ ।

ইয়াকে লৈ দেওবাৰে মঙলদৈ ইলেক্ট্ৰনিক মিডিয়া ফ’ৰামে ক’ভিড প্ৰ’টকল অনুসৰি এক সজাগতামূলক সভা অনুষ্ঠিত কৰি মঙলদৈ চহৰৰ মাজমজিয়াৰ বজাৰ-সমাৰকে ধৰি বিভিন্ন অঞ্চলত মাস্ক পৰিধান নকৰা লোকক মাস্ক বিতৰণ কৰি কোভিড-19ৰ নীতি-নিয়ম মানি চলিব অনুৰোধ জনায় । উক্ত অনুষ্ঠানত উপস্থিত থাকে দৰং জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰা,আৰক্ষী অধীক্ষক অমৃত ভূঞা । এই অনুষ্ঠানত উপস্থিত হৈ দৰং জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাই কয় যে, যিসকল ব্যক্তিয়ে মাস্ক পৰিধান নকৰে বা কোনো কোভিড-19 প্ৰ’টকল নামানে তেনে ব্যক্তিৰ ওপৰত প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সদৰি কৰে ৷

লগতে পঢ়কঃ প্ৰতীকি মৃতদেহেৰে শ্ৰদ্ধাঞ্জলি বৰপেটা শিৰোমনি অৰ্জুন চন্দ্ৰ দাসক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.