ETV Bharat / state

দুৰ্গোৎসৱে কন্দুৱাইছে মৃৎশিল্পীক - Puja

সমাগত শাৰদীয় দুৰ্গোৎসৱ । ভক্তৰ মাজত নাই আনন্দ-উল্লাস, মৃৎশিল্পীৰ নাই ব্যস্ততা । আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে মৃৎশিল্পী সকল । দৰং জিলাৰ ভিতৰত অৰ্ধশতাধিক দুৰ্গা পূজা জাকজমকতাৰে অনুষ্ঠিত হোৱা খাৰুপেটীয়াত এইবাৰ নাই পূৰ্বৰ দলে ব্যস্ততা, আয়োজক সকলৰ মাজত নাই মণ্ডপ নিৰ্মাণৰ প্ৰতিযোগিতা ।

সমাগত শাৰদীয় দুৰ্গাপূজা
সমাগত শাৰদীয় দুৰ্গাপূজা
author img

By

Published : Oct 15, 2020, 9:59 PM IST

দলগাঁও ,১৫ অক্টোবৰ : শৰৎ মানেই শাৰদীয় দুৰ্গোৎসৱৰ বতৰ । ইয়াৰ মাজতেই সমগ্ৰ দেশতেই প্ৰাদুৰ্ভাৱ হোৱা কৰ'ণা মহামাৰীৰ বাবেই বিগত বছৰৰ দৰেই এইবছৰ দুৰ্গোৎসৱৰ ব্যস্ততা নাই, ভক্তৰ মাজত নাই আনন্দ-উল্লাস ।

উল্লেখযোগ্য যে, সমাগত দুৰ্গোৎসৱৰ বাবে মাজত মাত্ৰ কেইটামান দিন বাকী । এই সময়চোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দৰঙৰ খাৰুপেটীয়াৰ মৃৎশিল্পী সকলে পৰিয়ালৰ আন আন সদস্যৰ সৈতে ব্যস্ত হৈ পৰে দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ মৃন্ময় মূৰ্তি নিৰ্মাণৰ কামত ।

সমাগত শাৰদীয় দুৰ্গাপূজা

শিল্পীৰ হাতৰ পৰশত ক্ৰমে প্ৰাণৱন্ত হৈ পৰে দেৱী দুৰ্গাৰ মৃন্ময় মূৰ্তি । প্ৰতি বছৰ 15-20 টা দেৱী দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ কৰা মৃৎশিল্পীসকলে কৰ’ণা মহামাৰীৰ বাবে এইবাৰ নিৰ্মাণ কৰিছে মাত্ৰ 5-6 টা দেৱী দুৰ্গাৰ প্ৰতিমা ।

বৰ্তমান কৰ’ণা মহামাৰীৰ বাবে বছৰৰ অতি ব্যস্ততা পূৰ্ণ সময়খিনিত এইবাৰ হা-হুমুনিয়াহ কাঢ়ি সময় পাৰ কৰিবলগীয়া হোৱাত আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে মৃৎশিল্পী সকলৰ লগতে তেওঁলোকৰ পৰিয়াল ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰীক আদৰিবলৈ গছ কাটিলে বিজেপি কৰ্মীয়ে!

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.