দৰং,৫ ফেব্ৰুৱাৰী : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । তাৰ মাজতে আৰক্ষীৰ এনকাউণ্টাৰত আহত হৈছে কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰী । এইবাৰ পুনৰ আৰক্ষীৰ এনকাউণ্টাৰত আহত হৈছে এজন ড্ৰাগছ ব্যৱসায়ী (Drug dealer injured in Assam police firing)। এনকাউণ্টাৰৰ স্থান মঙলদৈৰ ধুলাৰ ঘাটপাৰা ।
আৰক্ষীৰ গুলীত আহত হৈছে কুদ্দুছ আলী নামৰ ড্ৰাগছ ব্যৱসায়ীজন । ড্ৰাগছ ব্যৱসায়ী কুদ্দুছ আলীৰ ভৰিত গুলী লাগিছে । আহত ড্ৰাগছ ব্যৱসায়ীজন সম্প্ৰতি মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে ।
আৰক্ষী সূত্ৰই জনোৱা মতে দৰং আৰক্ষীৰ ড্ৰাগছ বিৰোধী এক অভিযানৰ সময়ত আটক হৈছিল কুদ্দুছ আলী । তেওঁৰ পৰা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰো জব্দ কৰিছিল আৰক্ষীয়ে । তাৰ পাছতে কুদ্দুছক লৈ আন এক অভিযানৰ বাবে গৈ থকা সময়তে পলোৱাৰ চেষ্টা কৰে ড্ৰাগছ ব্যৱসায়ী কুদ্দুছ আলীয়ে । তেতিয়াই আৰক্ষীয়ে কুদ্দুছক লক্ষ্য কৰি গুলীচালনা কৰে ।
লগতে পঢ়ক :Panchayat member as drugs dealer: ড্ৰাগছ ব্যৱসায়ীৰ ৰূপত এইবাৰ পঞ্চায়তৰ সদস্য