ETV Bharat / state

দৰঙৰ পৰা কানাডালৈ বিশ্বমুখী যাত্ৰা কৰা মহিলাগৰাকী...

author img

By

Published : Mar 6, 2020, 11:24 PM IST

Updated : Mar 7, 2020, 10:36 AM IST

8 মাৰ্চ নাৰী দিৱস... এই দিনটোৰ মূল উদ্দেশ্য লিংগ বৈষম্য দূৰ কৰি সমতাৰ অধিকাৰ প্ৰদান কৰা...সম কাম আৰু সম পদমৰ্যদাৰে এগৰাকী নাৰীয়ে সকলো ক্ষেত্ৰতে পুৰুষৰ সমকক্ষ হোৱা দেখা পোৱা গৈছে...

"KN ইণ্ডাষ্ট্ৰী" ৰ আঁৰৰ মহিলাগৰাকী..
"KN ইণ্ডাষ্ট্ৰী" ৰ আঁৰৰ মহিলাগৰাকী..

দৰং, 6 মাৰ্চঃ নাৰী হৈছে সৃষ্টিৰ আধাৰ ৷ নাৰীৰ অবিহনে সৃষ্টি অসম্ভৱ ৷ সেয়ে নাৰীক কোৱা হয় অৰ্ধ আকাশ ৷ ইচ্ছা আৰু উদ্যম থাকিলে এই পৃথিৱীত অসম্ভৱ বুলিবলৈ একো নাই । জীৱন যুঁজত আমাৰ সমাজত এনে কিছুমান লোক আছে যি বাস্তৱত বহুতৰে বাবে আদৰ্শত পৰিণত হৈছে । তেনে এগৰাকী মহিলা হৈছে "দৰঙৰ কাছাৰীপাৰাৰ হেমপ্ৰভা দেৱী"....সোঁতৰ বিপৰীতে গৈ সমাজ ব্যৱস্থাৰ প্ৰাত্যাহিক বাধা নিষেধ কৰি, প্ৰচলিত ধ্যান ধাৰণাক নেওচি হেমপ্ৰভা দেৱী আজি এগৰাকী প্ৰখ্য়াত উদ্যোগী হিচাপে পৰিগণিত হৈছে । প্ৰৱল ইচ্ছা শক্তি, মনোবল, ধৈৰ্যৰ ফলত নিজ হাতেৰে গঢ় দিছে এটা বৃহৎ উদ্যোগ ।

নাৰী হৈছে সৃষ্টিৰ আধাৰ

সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে আৰম্ভ কৰা উদ্যোগটো সমগ্ৰ উত্তৰ পূৱৰ ভিতৰতে একমাত্ৰ চিলিণ্ডাৰ নিৰ্মাণ কৰা উদ্যোগ হিচাপে পৰিগণিত হৈছে । "KN ইণ্ডাষ্ট্ৰী" নামৰ উদ্যোগটোত এইগৰাকী মহিলাই সংস্থাপন দিছে ১০০০ পুৰুষ কৰ্মচাৰীক । দৰং কন্যা হেমপ্ৰভা দেৱীৰ কে এন ইণ্ডাষ্ট্ৰীত দৈনিক ২০০০ চিলিণ্ডাৰ নিৰ্মাণ কৰা হয় । এই চিলিণ্ডাৰসমূহ নেপাল, ভূটান, বাংলাদেশ আৰু ভাৰতৰ বিভিন্ন ৰাজ্যলৈ যায় ৷ দৰং ওদালগুৰি সীমান্ত অঞ্চলৰ অতি ভিতৰুৱা গাঁৱৰ পৰা ওলাই আহি মঙলদৈ জনৰাম চৌকাত এই উদ্যোগটো স্থাপন কৰাৰ ক্ষেত্ৰত হেমপ্ৰভা দেৱীয়ে বহুতো বাধাৰ সন্মুখীন হৈছিল, তথাপিও হাৰ নমনা স্বভাৱৰ হেমপ্ৰভা দেৱীয়ে কঠোৰ পৰিশ্ৰমৰ ফলত সফলতাৰ মুখ দেখিবলৈ সক্ষম হয় । প্ৰৱল জাতীয়তাবোধ সম্পন্ন হেমপ্ৰভা দেৱীৰ এই কাৰ্যই অনুপ্ৰাণিত কৰি আহিছে নাৰীসকলক.........

লগতে পঢ়কঃ বাজেটৰ অন্তত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

Last Updated : Mar 7, 2020, 10:36 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.