দৰং,২৬মে' : মনত যেতিয়া প্ৰৱল ইচ্ছা থাকে তেতিয়া আৰ্থিক দৈন্যতায়ো যেন হাৰ মানিব লগা হয় প্ৰতিভাৰ সন্মুখত । তাকেই প্ৰমাণিত কৰি দেখুৱালে দিপীলাৰ সমলা গাঁৱৰ ধৰিত্ৰী তামুলীয়ে । শনিবাৰে ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক পৰীক্ষাত ধৰিত্ৰীয়ে ৮৬ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হয় । সৰুৰে পৰা মেধাসম্পন্ন ছাত্ৰীগৰাকীক আৰ্থিক দৈন্যতাৰ বাবে পিতৃ -মাতৃয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পিছতে পঢ়ুৱাবলৈ অসমৰ্থ হোৱাত ছাত্ৰীগৰাকীৰ পঢ়াৰ সকলো দায়িত্ব বহন কৰিবলৈ আগবাঢ়ি আহিছিল মংগলদৈৰ বৰলুইত ভেলি একাডেমী ৷ এই একাডেমীৰ পৰাই ছাত্ৰীগৰাকীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাৰ পৰা সকলো বিষয়ত লেটাৰ সহ ৮৬ শতাংশ লাভ কৰিবলৈ সক্ষম হয় ৷ কিন্তু ছাত্ৰীগৰাকীৰ উন্নত ফলাফলত এতিয়া কান্দোনত ভাগি পৰিছে পিতৃ-মাতৃ ৷ কিয়নো মেধাবী ছাত্ৰীগৰাকীৰ ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন যদিও,আৰ্থিক দুৰৱস্থাৰ বাবে ধৰিত্ৰীৰ সপোন বাস্তৱত পূৰণ কৰিব পৰা সামৰ্থ নাই ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃৰ । যাৰ বাবে ধৰিত্ৰীয়ে নিজৰ সপোন বাস্তৱত সফল কৰিবলৈ ৰাইজৰ পৰা বিচাৰিছে অলপ সহায় আৰু সহযোগিতা ।
আৰ্থিক দৈন্যতাক নেঁওচি দৰঙৰ এগৰাকী প্ৰতিভাৱান ছাত্ৰী - কলা শাখা
মনৰ প্ৰৱল ইচ্ছাৰে আৰ্থিক দৈন্যতাক নেঁওচি উচ্চতৰ মাধ্যমিকত সাফল্য লাভ কৰিলে দিপীলাৰ সমলা গাঁৱৰ ধৰিত্ৰী তামুলীয়ে, ৮৬ শতাংশ নম্বৰেৰে সাফল্য লাভ কৰা ধৰিত্ৰীৰ সপোন এজন প্ৰশাসনিক বিষয়া হোৱাৰ ৷
দৰং,২৬মে' : মনত যেতিয়া প্ৰৱল ইচ্ছা থাকে তেতিয়া আৰ্থিক দৈন্যতায়ো যেন হাৰ মানিব লগা হয় প্ৰতিভাৰ সন্মুখত । তাকেই প্ৰমাণিত কৰি দেখুৱালে দিপীলাৰ সমলা গাঁৱৰ ধৰিত্ৰী তামুলীয়ে । শনিবাৰে ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক পৰীক্ষাত ধৰিত্ৰীয়ে ৮৬ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হয় । সৰুৰে পৰা মেধাসম্পন্ন ছাত্ৰীগৰাকীক আৰ্থিক দৈন্যতাৰ বাবে পিতৃ -মাতৃয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পিছতে পঢ়ুৱাবলৈ অসমৰ্থ হোৱাত ছাত্ৰীগৰাকীৰ পঢ়াৰ সকলো দায়িত্ব বহন কৰিবলৈ আগবাঢ়ি আহিছিল মংগলদৈৰ বৰলুইত ভেলি একাডেমী ৷ এই একাডেমীৰ পৰাই ছাত্ৰীগৰাকীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাৰ পৰা সকলো বিষয়ত লেটাৰ সহ ৮৬ শতাংশ লাভ কৰিবলৈ সক্ষম হয় ৷ কিন্তু ছাত্ৰীগৰাকীৰ উন্নত ফলাফলত এতিয়া কান্দোনত ভাগি পৰিছে পিতৃ-মাতৃ ৷ কিয়নো মেধাবী ছাত্ৰীগৰাকীৰ ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন যদিও,আৰ্থিক দুৰৱস্থাৰ বাবে ধৰিত্ৰীৰ সপোন বাস্তৱত পূৰণ কৰিব পৰা সামৰ্থ নাই ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃৰ । যাৰ বাবে ধৰিত্ৰীয়ে নিজৰ সপোন বাস্তৱত সফল কৰিবলৈ ৰাইজৰ পৰা বিচাৰিছে অলপ সহায় আৰু সহযোগিতা ।
গৰাকীক আৰ্থিক দৈন্যতাৰ বাবে পিতৃ -মাতৃয়ে মেট্ৰিকৰ ফলাফলৰ পিছতে পঢ়ুৱাবলৈ অসমৰ্থ হোৱাত ছাত্ৰী গৰাকীক পঢ়াৰ সকলো দায়িত্ব গ্ৰহন কৰিবলৈ আগবাঢ়ি আহিছিল মংগলদৈ বৰলুইত ভেলি একাডেমী ৷ আৰু এই একাডেমীৰ পৰাই ছাত্ৰী গৰাকী উচ্চতৰ মাধ্যমিক পৰিক্ষাৰ কলা শাখাত কোনো ঘৰুৱা টিউচন নোহোৱাকৈ উৰ্ত্তীণ হৈ সকলো কেইটা বিষয়ত লেটাৰ সহ ৮৬ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ৷ পিছে ছাত্ৰী গৰাকীৰ উন্নত ফলাফলত এতিয়া কান্দোনত ভাগি পৰিছে পিতৃ-মাতৃ ৷ কিয়নো মেধাবী ছাত্ৰী ধৰিত্ৰীয়ে ভৱিশ্যতে এগাৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন দেখাৰ সময়ত চৰম আৰ্থিক দুৱস্থাই কোঙা কৰা দৰিদ্ৰ পৰিয়ালটিত পিতৃ - মাতৃৰ বাবে দাঙিব নোৱাৰা এখন ভাৰ হৈ উঠিছে ৷
সেয়েহে সদাশয় শুভকাঙ্খি লোক তথা চৰকাৰে এই মেধা ছাত্ৰী গৰাকীৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছে পৰিয়ালটিৰ লগতে গাঁৱৰ লোক সকলে ।
Byte ---- ছাত্ৰী ৷
Body:কালি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক পৰিক্ষাৰ ফলাফলত মেধাৰ তালিকাত উজলি উঠিছে দিপীলাৰ সমলা গাঁওৰ দৰিদ্ৰ পৰিয়ালৰ এগৰাকী ছাত্ৰী ধৰিত্ৰী তামুলী । সৰুৰে পৰা মেধাসম্পন্ন ছাত্ৰী

Conclusion: