মঙলদৈ, 13 জুনঃ দৰিদ্ৰতা কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে ৷ এই কথাকে প্ৰমাণ কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উজলি উঠিল মঙলদৈ চহৰৰ নিকতবৰ্তী বামুন পাৰা গাঁওৰ নিবাসী হৰি প্ৰসাদ শৰ্মা আৰু চিত্ৰা দেবীৰ কন্যা জাগৃতী কৌশিক ৷ ছাত্ৰী গৰাকীয়ে সদ্য ঘোষিত পৰীক্ষাৰ ফলাফলত ৫৩৫ নম্বৰৰে সুখ্যাতিৰে উত্তীৰ্ণ হয় ৷ ছাত্ৰী গৰাকীৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে বামুন পাৰা অঞ্চলৰ বাসিন্দা সকল ৷
অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান হোৱাৰ পাছতো দৰিদ্ৰতাক নেওচি ৮৯.০৫% শতাংশ নম্বৰৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত এতিয়া বাট চাই ৰব লগা হৈছে আগন্তুক শিক্ষাবৰ্ষৰ বাবে । ৫৩৫ নম্বৰৰে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা জাগৃতী কৌশিকৰ এতিয়া বিজ্ঞান শাখাত নাম ভৰ্তি কৰি পাচলৈ চিকিৎসা বিজ্ঞান পঢ়াৰ ইচ্ছা প্ৰকাশ কৰিছে । কিন্তু দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালৰ ছাত্ৰী জাগৃতী কৌশিকক ভবিষ্যৎ শিক্ষাৰ বাবে এতিয়া সদাশয় ব্যক্তি অথবা চৰকাৰৰ পৰা কিছু সহায়ৰ প্ৰয়োজন ৷