ETV Bharat / state

সমষ্টি উদ্ধাৰৰ লক্ষ্যৰে দৰঙত অগপৰ ৰণকৌশল - বিধায়ক সত্যব্ৰত কলিতা

দৰঙত অগপৰ সমষ্টি উদ্ধাৰৰ বাবে বিশেষ ৰণকৌশল প্ৰস্তুত ৷ ছিপাঝাৰ আৰু মঙলদৈ সমষ্টি দুটা অগপ দলে নিজৰ অধীনলৈ অনাৰ চেষ্টা ৷ জিলা অগপৰ কাৰ্যালয়ত দৰঙৰ চাৰিটা বিধানসভা সমষ্টিৰ বিধান পৰিষদ সমষ্টি গঠন কৰি 2021 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি ৷

Darrang district AGP Meeting Orgainised at party office
সমষ্টি উদ্ধাৰক লৈ দৰঙত অগপৰ বিশেষ ৰণকৌশল প্ৰস্তুত
author img

By

Published : Aug 18, 2020, 5:30 PM IST

দৰং, 18 আগষ্ট : ৰাজ্যত ক'ভিড-19 ৰ ভয়াবহ পৰিস্থিতি অব্যাহত থকাৰ মাজতে আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্য়ে প্ৰায় সমূহ ৰাজনৈতিক দলে ৰণকৌশল প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে ৷ প্ৰতিটো ৰাজনৈতিক দলে সমষ্টি সমূহ নিজৰ অধীনলৈ অনাৰ বাবে গোপনে অভিসন্ধি ৰচনা কৰাত ব্যস্ত হৈ পৰিছে ৷

শেহতীয়াকৈ দৰং জিলাৰ ছিপাঝাৰ আৰু মঙলদৈ সমষ্টি দুটা অগপ দলে নিজৰ অধীনলৈ অনাৰ চেষ্টা চলাইছে ৷ অগপ-বিজেপিৰ মিত্ৰতা অব্যাহত থকাৰ সময়তে দৰং জিলা অগপই ছিপাঝাৰ আৰু মঙলদৈ সমষ্টি দুটা বিজেপি দখলৰ পৰা উদ্ধাৰ কৰাৰ কাৰণে দৰঙত অগপই সভা-সমিতি অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে । তাৰ অংশ হিচাপে জিলা অগপৰ সভাপতি কমলেশ্বৰ বৰুৱাৰ সভাপতিত্বত মঙলবাৰে জিলা অগপৰ কাৰ্যালয়ত দৰঙৰ চাৰিটা বিধানসভা সমষ্টিৰ বিধান পৰিষদ সমষ্টি গঠন কৰি 2021 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰায় প্ৰস্তুতি আৰম্ভ কৰা পৰিলক্ষিত হৈছে ৷

সমষ্টি উদ্ধাৰক লৈ দৰঙত অগপৰ বিশেষ ৰণকৌশল প্ৰস্তুত

উল্লেখ্য যে, এটা সময়ৰ অগপৰ দখলত থকা ছিপাঝাৰ সমষ্টি বৰ্তমান বিজেপিৰ দখলত আছে যদিও সমষ্টিটো পুনৰ যিকোনো উপায়েৰে দখল কৰাৰ বাবে অগপৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, বিধায়ক সত্যব্ৰত কলিতা, ড৹ জয়নাথ শৰ্মাই জিলা অগপৰ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : উল্টাপানীৰ বনবিভাগৰ কাৰ্যালয়ত আক্ৰমণ দুৰ্ষ্কৃতিকাৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.