ETV Bharat / state

দৰঙত ১৪৪ ধাৰা জাৰি প্ৰশাসনৰ - ১৪৪ ধাৰা

দৰং জিলাত 144 ধাৰা জাৰি কৰিছে প্ৰশাসনৰ ৷ জিলাখনত কৰ'ণা ভাইৰাচৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে জিলা দণ্ডাধীশে জাৰি কৰিছে এই নিৰ্দেশ ৷

Darrang District Administration on Friday imposed Section 144
দৰঙত ভয়ংকৰ পৰিস্থিতিঃ ১৪৪ ধাৰা জাৰি প্ৰশাসনৰ
author img

By

Published : Apr 26, 2021, 10:00 PM IST

দৰং, 26 এপ্ৰিল: সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ দৰং জিলাতো ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যাই ৷ জিলাখনত কৰণাৰ ভয়াৱহৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে জিলা দণ্ডাধীশে গৰাকীয়ে তৎকালীনভাৱে বলবৎ হোৱাকৈ সমগ্ৰ জিলাতে ১৪৪ ধাৰা জাৰি কৰিছে । এই আইন অনুসৰি জিলাখনত সন্ধিয়া ৬ বজাৰ পৰা ৰাতিপুৱা ৭ বজালৈকে বাহাল থাকিব সান্ধ্য আইন ৷

এই সান্ধ্য আইন অনুসৰি জিলা খনৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত কোনো শোভাযাত্ৰা, ধৰ্ণা কাৰ্যসূচী,পথ অৱৰোধ, উপায়ুক্তৰ কাৰ্যালয়ত অকৰ্তৃত্বশীল ব্যক্তিৰ প্ৰৱেশ বা কাৰ্যালয়ৰ ১০০ মিটাৰ ব্যাসাৰ্ধ পৰ্যন্তলৈ কোনো লোকৰ সমাগম হ'ব নোৱাৰিব ৷ জিলাখনলৈ কোনো ধৰণৰ ফেৰী, নাও আৰু ভুটভুটী চলাচল আৰু অত্যাধিক বোজা কঢ়িওৱা বাহনৰ চলাচলতো নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে। সামৰিক পোছাক পৰিধানৰ ক্ষেত্ৰতো এই নিষেধাজ্ঞা প্ৰযোজ্য হ'ব । পুনৰ নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব ।

প্ৰশাসনৰ অনুমতি নোলোৱাকৈ ৫ জন বা ততোধিক ব্যক্তি ৰাজহুৱা স্থানত সমাগম হ’ব নোৱাৰিব ৷ চৰকাৰী গৃহ অথবা বেৰত পোষ্টাৰ লিখনতো নিষেধাজ্ঞা আৰোপ কৰিছে । ইয়াৰ উপৰিও কোনোলোকে সামৰিক পোছাক পৰিধান কৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে । যদি কোনো লোকে প্ৰশাসনে জাৰি নিষেধাজ্ঞা অমান্য কৰে, তেনে ব্যক্তিৰ বিৰুদ্ধে আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে ।

লগতে পঢ়ক-অ’ এন জি চিৰ অপহৰণ কাণ্ডত জড়িত অসম আৰক্ষীৰ জোৱান !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.