দৰং, 11 জুলাইঃ দৰঙত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰ'ণা সংক্ৰমণে ৷ জিলাখনত প্ৰতিদিনে দহৰ পৰা বিশগৰাকী ব্যক্তিৰ শৰীৰত ধৰা পৰিছে কৰ’ণা । বৰ্তমানলৈ জিলাখনত এই ভাইৰাছত আক্ৰান্ত হৈছে মুঠ 417 গৰাকী লোক ৷ গুৰুত্বপূৰ্ণ কথাটো হ'ল জিলাখনত আক্ৰান্ত হৈছে বহু চিকিৎসক, নাৰ্চ আৰু স্বাস্থ্য কৰ্মী ৷ যাৰ ফলত বন্ধ হৈ পৰিছে ইখনৰ পৰা সিখন চিকিৎসালয় ৷
প্ৰথমে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চাৰিগৰাকী চিকিৎসক COVID-19 ত আক্ৰান্ত হোৱাৰ পাচত চিকিৎসালয় খন বন্ধ কৰি দিয়া হৈছিল ৷ তাৰ পাচত পুনৰ প’লি ক্লিনিকত চিকিৎসক, নাৰ্ছ, কৰ্মচাৰী সহ ১২ গৰাকীৰ দেহত ধৰা পৰে এই ৰোগ ৷ তাৰ পাচতেই প্ৰশাসনে বন্ধ কৰি ব্যক্তিগত নাৰ্চিং হোমখন । যাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে সাধাৰণ ৰোগীসকল ৷ স্থানীয় লোক সকলে সাধাৰণ ৰোগীৰ বাবে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে চৰকাৰক ৷
লগতে পঢ়কঃ বেঁকী নৈৰ বানত চিঙি যোৱাৰ উপক্ৰম হৈছে কলগাছিয়া-আমগুৰি