দৰং, 3 অক্টোবৰ : দৰঙৰ মহলীয়াপাৰা আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰিছে প্ৰথম বাৰ্ষিক অধিৱেশন ৷ উক্ত অধিৱেশনত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথ ৷ বিজেপিক পৰাভূত কৰিবলৈ সকলো আঞ্চলিক ৰাজনৈতিক শক্তিক একত্ৰিত হ’বলৈ আহ্বান জনায় সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি গৰাকীয়ে ।
তদুপৰি কৃষক মুক্তি তথা ৭০ সংগঠনৰ ৰাজনৈতিক দলৰ সৈতে মিত্ৰতাৰ ইংগিত বহন কৰাৰ লগতে অখিল গগৈক এই সময়ত জেলৰ পৰা মুক্তি দিয়াৰ প্ৰয়োজন বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় দীপাংকৰ নাথে ৷
লগতে পঢ়ক: চৰকাৰী আঁচনি ভোট নহয় 'সকলোৰে বিকাশ'ৰ ওপৰত আধাৰিত : প্ৰধানমন্ত্ৰী